লাহৰীঘাটত দুই পঞ্চায়ত সদস্যৰ পদ খাৰিজ...

লাহৰীঘাটত বাল্য বিবাহত জড়িত দুই পঞ্চায়ত সদস্যৰ পদ খাৰিজ। দলৈগাঁও গাওঁ পঞ্চায়তৰ ৫ নং ৱাৰ্ডৰ সদস্য শ্বৰিফুল ইছলাম আৰু ৭ নং ৱাৰ্ডৰ সদস্যা ছামচুন নেহাৰৰ সদস্যা পদ খাৰিজ।

author-image
Asomiya Pratidin
New Update
MOIRABARI

ডিজিটেল সংবাদ মৈৰাবাৰী: লাহৰীঘাটত বাল্য বিবাহত জড়িত দুই পঞ্চায়ত সদস্যৰ পদ খাৰিজ। লাহৰীঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত দলৈগাঁও গাওঁ পঞ্চায়তৰ ৫ নং ৱাৰ্ডৰ নিৰ্বাচিত সদস্য শ্বৰিফুল ইছলাম আৰু ৭ নং ৱাৰ্ডৰ নিৰ্বাচিত সদস্যা ছামচুন নেহাৰৰ সদস্যা পদ খাৰিজ।

Advertisment

লাহৰীঘাট সম জিলাৰ কাৰ্যবাহী দণ্ডাধীশ প্ৰমোদ শৰ্মাৰ তদন্ত প্ৰতিবেদনৰ ভিত্তিত জিলা আয়ুক্তই খাৰিজ কৰে দুয়োৰে সদস্য পদ। মৰিগাঁও জিলা আয়ুক্ত অনামিকা তিৱাৰীয়ে  এক নিৰ্দেশ যোগে দুয়ো গৰাকী সদস্যৰ পদ খাৰিজ কৰে।

লাহৰীঘাট পঞ্চায়ত