/asomiyapratidin/media/media_files/2025/06/17/UQaLRw9fL68Q5YRzWNJt.jpg)
ডিজিটেল সংবাদ,মৈৰাবাৰী: বিদ্যুৎৰ বিল নিদিয়াত বিদ্যুৎৰ সংযোগ কৰ্তন কৰিবলৈ গৈ গ্ৰাহকৰ হাতত চৰকাৰী কৰ্মচাৰী প্ৰহৃত হবলগীয়া হোৱাত সমগ্ৰ অঞ্চলজুৰি ব্যাপক চাঞ্চল্যই বিৰাজ কৰিছে। প্ৰাপ্ত খবৰ অনুসৰি লাহৰীঘাট বিদ্যুত উপ সংমণ্ডলৰ এটা দলে আজি বিয়লিৰ ভাগত উপ সংমণ্ডলটোৰ অধীনস্থ ডোঙাৰপাৰ গাঁৱত বিদ্যুত কৰ্তন কৰিবলৈ গৈছিল।
যিসকল গ্ৰাহকৰ বিল বহু দিন ধৰি অনাদায় হৈ আছিল, সেই সকলৰ একাংশই বিদ্যুত বিভাগটোৰ কৰ্মচাৰীৰ দলটোক দেখা পাইয়ে খঙত অগ্নিশৰ্মা হৈ হাতত চোকা অস্ত্ৰ লৈ খেদি আহি আক্ৰমণ কৰে দলটোৰ কেইবাজনো বিষয়া কৰ্মচাৰীক। ফলত আহত হৈ পৰে কনিষ্ঠ অভিযন্তা চাদিকুল ইছলাম, কমল চন্দ্ৰ নাথ আৰু ৰিংকুল ইছলাম।
ইতিমধ্যে আহত কৰ্মচাৰী কেইজনে আক্ৰমণ কৰা বিদ্যুত গ্ৰাহক সকলৰ বিৰুদ্ধে মৈৰাবাৰী থানাত এজাহাৰ দাখিল কৰিছে। আনহাতে প্ৰাথমিক চিকিৎসাৰ অন্তত বিদ্যুত বিভাগৰ কৰ্মচাৰী কেইজনক ঘৰলৈ যাবলৈ দিয়া হয়।