কৰ্তব্যৰত অৱস্থাত উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ মহিলা গৃহৰক্ষী জোৱানৰ মৃত্যু...

chirang
chirang

ডিজিটেল সংবাদ চিৰাংঃ চিৰাঙৰ কাজলগাঁৱত কৰ্তব্যৰত অৱস্থাত উচ্চ ৰক্তচাপ জনিত ৰোগত আক্ৰান্ত হৈ ঢালিগাঁও থানাৰ এগৰাকীৰ মহিলা গৃহৰক্ষী জোৱানৰ আজি মৃত্যু হয় । নিহত গৃহৰক্ষী মহিলা জোৱান গৰাকীৰ নাম ৰঞ্জিতা বসুমতাৰী (৩৫) বুলি জানিব পৰা গৈছে ।

ঘটনা সন্দৰ্ভত ঢালিগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৱন গায়নে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে সোমবাৰ নিশা ১০ বজাত কাজলগাঁৱৰ সাৰ্বজনীন লক্ষ্মীপূজা মেলাত কৰ্তব্যৰত অৱস্থাৰ পৰা থানালৈ উভতি অহাৰ সময়তে কাজলগাঁৱৰ উৰণীয়া সেতুৰ তলৰ পথৰ ওপৰতে হঠাতেই বাগৰি পৰে । তীব্ৰ বৰষুণৰ মাজতে ট্ৰেফিকৰ কৰ্তব্যৰত আৰক্ষীৰ জোৱানসকলে বাগৰি পৰি মূৰত আঘাতপ্ৰাপ্ত হোৱা ৰঞ্জিতা বসুমতাৰীক প্ৰথমতে কাজলগাঁৱৰ জে এচ বি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে ।

কিন্তু তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসকৰ পৰামৰ্শ অনুযায়ী ঢালিগাঁও আৰক্ষীয়ে ৰঞ্জিতা বসুমতাৰীক নিশাৰ ভিতৰতে বঙাইগাঁও চহৰৰ এখন ব্যক্তিগত নাৰ্ছিঙত ভৰ্তি কৰে । কিন্তু আজি পুৱাৰ ভাগত চিকিৎসাধীন অবস্থাতে মহিলা গৃহৰক্ষী জোৱান জনে শেষ নিশ্বাস ত্যাগ কৰে ।

আজি দুপৰীয়াৰ ভাগত ঢালিগাঁও থানা আৰক্ষীয়ে গৃহৰক্ষী জোৱানজনৰ মৃতদেহ কাজলগাঁও জে এচ বি অসামৰিক চিকিৎসালয়ত মৰনোত্তৰ পৰীক্ষা কৰি ঢালিগাঁও থানা চৌহদত আৰক্ষীয়ে সমূহীয়া ভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । তাৰ পিচতে মৃতদেহ পৰিয়ালৰ লোকক গতাই দিয়ে । চিৰাং জিলাৰ কাশীকত্ৰাৰ অতিকৈ দৰিদ্ৰ পৰিয়ালৰ গৃহৰক্ষী জোৱান ৰঞ্জিতা বসুমতাৰী অতিবাহিতা আছিল ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in