/asomiyapratidin/media/media_files/2025/01/08/Zsurix6I5NukWUJm5qiq.jpg)
Lack of teachers in schools: A teacher wearing white clothes joins Gunotsav in mother's death
ডিজিটেল সংবাদ, কামপুৰ : ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত গুণোৎসৱ চলি থকাৰ মাজতেই নগাঁও জিলাৰ কঠীয়াতলী শিক্ষাখণ্ডৰ অন্তৰ্গত গণেশপুৰ মাইনাওশী প্ৰাথমিক বিদ্যালয়ত দেখা গ'ল এক ব্যতিক্ৰমী দৃশ্য। মাতৃৰ মৃত্যুৰ পিছতো আদ্যশ্ৰাদ্ধ শেষ নৌহওঁতেই শুভ্ৰ বস্ত্ৰ পৰিধান কৰি নিজৰ কৰ্মস্থলীলৈ আহিবলৈ বাধ্য হ’ল প্ৰধান শিক্ষক অনন্ত বানায় ।
জানিব পৰা মতে ১৯৮ জন ছাত্ৰ -ছাত্ৰী থকা বিদ্যালয়খন শিক্ষক আৰু বিদ্যালয় গৃহৰ অভাৱত দীৰ্ঘদিন ধৰি ব্যাপক সমস্যাত পৰি আহিছে। বিদ্যালয়খনৰ প্ৰধান শিক্ষক বানায়ে মধ্যাহ্ন ভোজনকে ধৰি অন্যান্য কৰ্মসূচীৰ লগতো ব্যস্ত থাকিবলগীয়া হয়। যাৰ বাবে বিদ্যালয়খনৰ ৬টা শ্ৰেণীত প্ৰধানশিক্ষক অনন্ত বানায় আৰু তেওঁৰ শিক্ষয়িত্ৰী পত্নী মিনি ডেকাই পাঠদান কৰাত ব্যাপক সমস্যাত পৰিছে।
বিদ্যালয়ত শিক্ষকৰ অভাৱৰ মাজতে প্ৰধান শিক্ষকজনৰ মাতৃ ৰাজু বানাইৰ যোৱা শুকুৰবাৰে বিয়োগ ঘটে। এনে পৰিস্থিতিত নীতি- নিয়ম অনুসৰি শুভ্ৰ বস্ত্ৰ পৰিধান কৰি বিদ্যালয়ৰ গুণোৎসৱত যোগ দিলে প্ৰধানশিক্ষক অনন্ত বানায়ে। বিদ্যালয়খনৰ এনে সমস্যা সমাধানৰ বাবে অভিভাৱকসকলৰ লগত প্ৰধানশিক্ষক অনন্ত বানায়ে চৰকাৰক আহ্বান জনাইছে।