পুনৰ উন্মোচিত হৈছে স্বাস্থ্য খণ্ডৰ ফোঁপোলা স্বৰূপ

ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ আমূল পৰিবৰ্তন হোৱা বুলি চৰকাৰে ঢাক-ঢোল বজোৱাৰ সময়তে পোহৰলৈ আহিছে স্বাস্থ্য খণ্ডৰ এখন পয়ালগা ছবি। অক্সিজেনৰ অভাৱত এম আৰু আই কৰিব নোৱাৰি ২৪ দিনীয়া নৱজাতক কন্যা শিশুক চিকিৎসা নকৰাকৈয়ে ঘৰলৈ ওভতাই পঠিয়াইছে চিকিৎসকে। 

author-image
Asomiya Pratidin
New Update
silchar

ডিজিটেল সংবাদ, শিলচৰ : ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ আমূল পৰিবৰ্তন হোৱা বুলি চৰকাৰে ঢাক-ঢোল বজোৱাৰ সময়তে পোহৰলৈ আহিছে স্বাস্থ্য খণ্ডৰ এখন পয়ালগা ছবি। অক্সিজেনৰ অভাৱত এম আৰু আই কৰিব নোৱাৰি ২৪ দিনীয়া নৱজাতক কন্যা শিশুক চিকিৎসা নকৰাকৈয়ে ঘৰলৈ ওভতাই পঠিয়াইছে চিকিৎসকে। 

Advertisment

এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে গুৱাহাটীত। ৰাজ্যৰ আগশাৰীৰ উন্নত চিকিৎসালয় বুলি চৰকাৰে দাবী কৰা গুৱাহাটী মেডিকেল কলেজ হাস্পতালতে ৰোগীক চিকিৎসা কৰিবলৈ নাই অক্সিজেন। 

জানিবলৈ দিয়া মতে অক্সিজেন নোহোৱা বাবে এম আৰ আই কৰিব নোৱাৰি ২৪ দিনীয়া এটি শিশুক ঘৰলৈ ওভতাই পঠিয়াইছে জি এম চি এইছৰ চিকিৎসকে। ইফালে, শিশুটিক চিকিৎসা কৰিব নোৱাৰি হতাশাত ভাগি পৰিছে কাছাৰ জিলাৰ ধলাইৰ দিন মজদুৰ তথা শিশুটিৰ পিতৃ মকবুল হুছেইন চৌধুৰী।

এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, ১ জুলাইত শিলচৰৰ এখন ব্যক্তিগত নাৰ্চিংহোমত জন্ম হৈছিল দুটি মূৰযুক্ত এটি শিশুৰ। জন্মৰ পিছত উন্নত চিকিৎসাৰ বাবে শিশুটিক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ৰেফাৰ কৰিছিল নাৰ্চিংহোমৰ চিকিৎসকে।  

চিকিৎসাৰ বাবে শিশুটিক জি এম চি লৈ নিব লগা হোৱাত মূৰত সৰগ ভাগি পৰিছিল শিশুটিৰ পিতৃ দিন মজদুৰ মকবুল হুছেইন চৌধুৰীৰ । পিচত‌ ধলাইৰ বিধায়ক নিহাৰ ৰঞ্জন দাসৰ আৰ্থিক সাহায্যত‌ শিশুটিক তিন দিন পূৰ্বে ভৰ্তি কৰা হৈছিল জি এম চি এইছত। 

সেই অনুসৰি বৃহস্পতিবাৰে শিশুটিৰ এম আৰ আই কৰাৰ কথা আছিল। কিন্তু এম আৰ আই কৰিবলৈ জিএমচিত থকা প্ৰয়োজনীয় অক্সিজেন চিষ্টেম দীৰ্ঘদিন ধৰি বিকল । গতিকে এম আৰ আই কৰিবলৈ দিন সলনি কৰা হয়। অহা ২৫ আগষ্টত পুনৰ শিশুটিক এম আৰ আই কৰাৰ বাবে লৈ যাবলৈ পৰামৰ্শ দিয়ে জিএমচিৰ চিকিৎসকে।

চিকিৎসকৰ এই কথা শুনি মূৰত সৰগ ভাগি পৰে দুৰ্ভগীয়া মকবুল হুছেইনৰ। অৱশেষত চিকিৎসা নকৰাকৈয়ে শিশুটিক ঘৰলৈ‌ উভতাই লৈ আহিবলৈ‌ বাধ্য‌ হয়‌ দিন মজদুৰ মকবুল হুছেইন।‌ 

উল্লেখযোগ্য যে, জি এম চি এইছ এৰাৰ পূৰ্বে সমগ্ৰ ঘটনা ফোনযোগে বিভিন্ন সংবাদ মাধ্যমৰ আগত সদৰী কৰিছিল শিশুটিৰ পিতৃয়ে। শিশুটিৰ চিকিৎসাৰ বাবে তেওঁ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সহায় কামনা কৰিছে।

Silchar gmch