লাচিত সংঘৰ বাকৰিত চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন

বীৰ লাচিতৰ সোঁৱৰণত প্ৰতিবছৰৰ দৰে এইবেলিও ২৪ নৱেম্বৰত গাম্ভীৰ্যপূৰ্ণ তথা এদিনীয়া কাৰ্যসূচীৰে লাচিত সংঘই উদযাপন কৰিব লাচিত দিৱস।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,গুৱাহাটীঃ  অসম আৰু অসমীয়াৰ জাতীয় জীৱনৰ প্ৰেৰণাৰ উৎস তথা সাহসৰ প্ৰতীক বীৰ লাচিত বৰফুকনৰ ৪০৩সংখ্যক জন্মজয়ন্তী উদযাপনৰ বাবে সাজু হৈছে গুৱাহাটী লাচিত সংঘ। বীৰ লাচিতৰ সোঁৱৰণত প্ৰতিবছৰৰ দৰে এইবেলিও ২৪ নৱেম্বৰত গাম্ভীৰ্যপূৰ্ণ তথা এদিনীয়া কাৰ্যসূচীৰে লাচিত সংঘই উদযাপন কৰিব লাচিত দিৱস।

উক্ত দিনা পুৱা ১০.৩০বজাত সংঘৰ পতাকা উত্তোলন আৰু বীৰ লাচিতৰ প্ৰতিমূৰ্তিত মাল্যপৰ্ণ কৰা হ'ব। অনুষ্ঠানত মুখ্য অতিথি হিচাপে লেফটেনেন্ট জেনেৰেল প্ৰণৱ কুমাৰ ভৰালী (অৱসৰপ্ৰাপ্ত) আৰু প্ৰাক্তন মহাধিবক্তা ৰমেশ বৰপাত্ৰ গোহাঁইক সম্বৰ্ধনা জনোৱা কৰা হ'ব।

লাচিত দিৱসৰ লগত সংগতি ৰাখি সংঘই স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত বিয়লি ২বজাত গুৱাহাটীভিত্তিক চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰিব। চিত্ৰাংকন প্ৰতিযোগিতা ৩টা শাখাত অনুষ্ঠিত হ'ব। প্ৰথম শাখা প্ৰথমৰ পৰা চতুৰ্থ, দ্বিতীয় শাখা পঞ্চমৰ পৰা সপ্তম শ্ৰেণীলৈ আৰু তৃতীয় শাখা অষ্টমৰ পৰা দশম শ্ৰেণীলৈ নিৰ্ধাৰণ কৰা হৈছে।

সন্ধিয়া ৫বজাত বন্তি প্ৰজ্বলন আৰু ৬বজাত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। এই অনুষ্ঠানতে চিত্ৰাংকন প্ৰতিযোগিতাৰ বটাঁ সমূহ বিতৰণ কৰা হ'ব। যোগাযোগৰ নম্বৰ- ৭৫৭৮০১১০২৩

লাচিত বৰফুকন বীৰ লাচিত