ডিজিটেল ডেস্ক : টাই- আহোম যুৱ পৰিষদ অসম, চমুকৈ টাইপাই কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে উদযাপন কৰিব মহাবীৰ লাচিত দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠান। ২৪ নৱেম্বৰ ২০২৪ত মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত থকা মাধৱদেৱ প্ৰেক্ষাগৃহত এই অনুষ্ঠান অনুষ্ঠিত হ’ব।
টাইপাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা দিলীপ গগৈয়ে জানিবলৈ দিয়া মতে ২০১২ চনৰ পৰা টাইপাই প্ৰদান কৰি অহা মহাবীৰ লাচিত বঁটা এইবাৰ বিশিষ্ট প্ৰত্নত্তত্ব বিভাগৰ বিশেষজ্ঞ তথা এ এছ আইৰ অৱসৰপ্ৰাপ্ত সঞ্চালক কে চি নৌৰিয়ালক প্ৰদান কৰা হ’ব।
এলানি বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব এই অনুষ্ঠান। পুৱা ১০-০০ বজাৰ পৰা আৰম্ভ হ’ব লগা এই অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন। পতাকা উত্তোলন কৰিব উদযাপন সমিতিৰ সভাপতি ভাস্কৰ জে গগৈয়ে। টাইপাৰ কেন্দ্ৰীয় কমিটি তথা মহিলা পৰিষদ আৰু গুৱাহাটীবাসীৰ সহযোগত অনুষ্ঠিত হ’ব লগা এই অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া। আবেলিলৈ পৰম্পৰাগত সাজপাৰৰ এক অনুষ্ঠান আৰু গীত-মাতৰ গধূলি শীৰ্ষক এক সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হ’ব।