/asomiyapratidin/media/media_files/2024/11/24/32psr7t57HPHIkYInWZO.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাট : দেওবাৰে লাচিত দিৱসৰ দিনা জামুগুৰিহাটৰ শান্তিপুৰস্থিত মাৰ্কেটিং কমপ্লেক্সৰ সন্মুখত উন্মোচন কৰা হ'ল মহাবীৰ লাচিতৰ এক বিশাল প্ৰতিমূৰ্তি। যুৱ উদ্যোগী নীৰজ নিশিম হাজৰিকাৰ প্ৰচেষ্টাত নিৰ্মাণ কৰি উলিওৱা ১২ফুট উচ্চতাৰ আৰু ৫কুইন্টল ওজনৰ এই বিশাল প্ৰতিমূৰ্তিভাগ উন্মোচন কৰে অসম শিক্ষা পৰিষদৰ উপাধ্যক্ষ শিক্ষাবিদ ৰুক্ম বুৰাগোঁহাইয়ে।
চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই উন্মোচনী অনুষ্ঠানত বৃহত্তৰ জামুগুৰিহাটৰ ভালেসংখ্যক বিশিষ্ট লোক উপস্থিত থাকে। ইয়াৰ পাছতে অসমীয়া জাতিৰ শৌৰ্য্য - বীয্যৰ প্ৰতীক লাচিত বৰফুকনৰ ওপৰত এখনি গাম্ভীয্যপূৰ্ণ আলোচনা সভাও অনুষ্ঠিত হয় ৷
এই আলোচনাচক্ৰত অংশগ্ৰহণ কৰে বিশিষ্ট শিক্ষাবিদ দয়ানন্দ বুঢ়াগোহাঁই আৰু বলিন কোৱঁৰকে ধৰি অসমৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে । উল্লেখ্য যে লাচিত দিৱসৰ লগত সংগতি ৰাখি আজি নদুৱাৰ সংগীত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এখনি আলেখ্য নাটো প্ৰদৰ্শন কৰে।