Advertisment

"শৰাইঘাটৰ যুদ্ধ আছিল অসমীয়াৰ মৰণপণ যুঁজ, জাতিৰ অস্তিত্ব ৰক্ষাৰ যুঁজ" : সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মহাবীৰ লাচিত বৰফুকনৰ ৪০২ সংখ্যক জয়ন্তী উপলক্ষে নতুন দিল্লীত লাচিত দিৱস অনুষ্ঠানৰ আয়োজন কৰে।

author-image
Asomiya Pratidin
New Update
sarbananda

ডিজিটেল সংবাদ, নতুন দিল্লী : কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মহাবীৰ লাচিত বৰফুকনৰ ৪০২ সংখ্যক জয়ন্তী উপলক্ষে নতুন দিল্লীত লাচিত দিৱস অনুষ্ঠানৰ আয়োজন কৰে, য’ত প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ সদস্য তথা বিশিষ্ট ইতিহাসবিধ সঞ্জীৱ সান্যাল প্ৰমুখ্যে গন্য মান্য ব্যক্তিসকল, কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াসকল, সামুদ্ৰিক প্ৰতিষ্ঠানৰ কেডেটসকলে অংশগ্ৰহণ কৰে। আটায়ে অনুষ্ঠানৰ আৰম্ভণিতে মহান আহোম সেনাপতি লাচিত বৰফুকনৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অর্পণেৰে শ্ৰদ্ধার্ঘ অর্পণ কৰে।

Advertisment

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে ভাষণ প্রসংগত কয়- "ভাৰতৰ ইতিহাসৰ এগৰাকী প্রবাদপ্রতিম মহাবীৰ লাচিত বৰফুকনৰ শৌর্য-বীর্য, অদম্য শক্তি, সাহস আৰু বীৰত্বৰ কাহিনীয়ে দেশবাসীক অনুপ্ৰেৰণা যোগাই আহিছে। ঐতিহাসিক শৰাইঘাটৰ ৰণত মহাবাহু ব্ৰহ্মপুত্ৰত হোৱা মোগল আৰু অসমীয়া সৈন্যৰ বিশাল নৌ-যুদ্ধত মহান আহোম সেনাপতি লাচিত বৰফুকনৰ সুনিপুণ পাৰ্গতালি আৰু যুদ্ধকৌশল যুগে যুগে অমৰ হৈ আছে। 

sarbananda

মহাবীৰ লাচিত বৰফুকনৰ দূৰদৰ্শী ৰণকৌশল, সবল নেতৃত্ব, পৰাক্ৰম আৰু অদম্য সাহসৰ ওচৰত ধৰাশায়ী হৈছিল ঔৰংগজেৱে পঠিওৱা বিশাল মোগল বাহিনী। মোগলক বীৰদৰ্পে পৰাজিত কৰি লাচিত বৰফুকনৰ নেতৃত্বাধীন অসমীয়া সৈন্যবাহিনীয়ে অসমৰ অস্তিত্ব আৰু ভৱিষ্যৎ সুৰক্ষিত কৰিছিল। 

মহাবীৰ লাচিত বৰফুকনৰ অযুত বল- বিক্রম, স্বদেশপ্রেম আৰু কৰ্তব্যনিষ্ঠাই দেশবাসীক চিৰকাল অনুপ্ৰেৰণা যোগাই যাব। লগতে এখন শক্তিশালী, সমৃদ্ধিশালী, আত্মনিৰ্ভৰ আৰু বিকশিত ভাৰত গঢ়াৰ দিশত লাচিত বৰফুকনৰ স্বদেশ-স্বজাতিৰ প্ৰতি থকা অতুলনীয় দায়বদ্ধতা, কর্মচেতনা, আত্মনিৰ্ভৰ ৰণকৌশল আৰু সাহসৰ দৃষ্টান্ত আমাৰ বাবে পাথেয় হৈ থাকিব।"

কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে লগতে কয়, "ঐতিহাসিক শৰাইঘাটৰ ৰণ মহাবাহু ব্ৰহ্মপুত্ৰৰ জলপথত যুঁজা সর্ববৃহৎ যুদ্ধ। লাচিতে তাহানিতে যুদ্ধক্ষেত্ৰৰ জৰিয়তে আভ্যন্তৰীণ জলপথৰ শক্তি-সম্ভাৱনাক উপলব্ধি কৰিছিল। লাচিতৰ দূৰদৰ্শিতাক উপলব্ধি কৰি আমিও ব্ৰহ্মপুত্ৰকে ধৰি দেশৰ জলপথৰ অপৰিসীম সুযোগ-সম্ভাৱনা, শক্তিক ৰাষ্ট্ৰ হিতৰ বাবে ব্যৱহাৰ কৰি ন ন পদক্ষেপ গ্ৰহণ কৰি আছোঁ। 

 

শৰাইঘাটৰ যুদ্ধ আছিল অসমীয়াৰ মৰণপণ যুঁজ, জাতিৰ অস্তিত্ব ৰক্ষাৰ যুঁজ, স্বদেশ-স্বজাতিৰ স্বাভিমান অটুট ৰখাৰ যুঁজ। বিদেশী শক্তি মোগলে সমগ্ৰ ভাৰতত আধিপত্য বিস্তাৰ কৰাৰ সপোন দেখিছিল যদিও মহাবীৰ লাচিত বৰফুকনৰ দৰে দেশৰ অজেয় বীৰ সন্তানে মহাপৰাক্ৰমেৰে মোগলৰ সেই সপোন বাস্তৱায়িত হ'ব দিয়া নাছিল। মোগল সাম্ৰাজ্যৰ দুৰ্বলতা প্ৰকাশ কৰি লাচিত বৰফুকনে বীৰদৰ্পে দেখুৱাই দিছিল দেশমাতৃৰ প্ৰতি থকা তেওঁৰ অপৰিসীম শ্রদ্ধা আৰু ভক্তিৰ গাঁথা। 

sa

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাচিতৰ আদৰ্শেৰে উদ্বুদ্ধ হৈ আগ্রাসনকাৰী বিদেশী শক্তিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে আৰু অনুপ্রেৱশকাৰীৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা লৈ দেশৰ একতা, অখণ্ডতা সুৰক্ষিত কৰিছে। দেশতকৈ মোমাই ডাঙৰ নহয়- এই গর্জনেৰে লাচিত বৰফুকনে দেখুৱাই দিছিল যে- নেশ্যন ফার্স্ট অর্থাৎ ৰাষ্ট্ৰ সৰ্বোপৰি। 

ৰাষ্ট্ৰৰ একতা, অখণ্ডতা, সুৰক্ষাৰ বাবে লাচিতে তাহানিতে শক্তিশালী আদর্শ দেখুৱাই থৈ গৈছে। লাচিত বৰফুকনৰ অম্লান জীৱনগাথাক সাৰোগত কৰি আমি সকলোৱে ঐক্যবদ্ধভাৱে এখন নতুন ভাৰত গঢ়াৰ বাবে টীম ভাৰত হিচাপে আগুৱাই যাব লাগিব।"

lachit

আনহাতে বিশিষ্ট ইতিহাসবিদ তথা অর্থনীতিবিদ সঞ্জীৱ সান্যালে ভাষণ প্রসংগত কয়, "লাচিত বৰফুকন - ভাৰতৰ সর্বশ্রেষ্ঠ এডমিৰেল। শৰাইঘাটৰ ৰণ বিশ্বৰ অন্যতম বৃহৎ নৌ যুদ্ধৰ এক নিদর্শন। ঐতিহাসিক শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনৰ নেতৃত্বাধীন অসমীয়া সৈন্যবাহিনীয়ে মোগলক পৰাস্ত কৰাৰ পাছত মোগলৰ আধিপত্যৰ পতনৰ আৰম্ভণি ঘটিছিল। যিদৰে মাৰাঠা নৌ শক্তি অবিহনে আমি মাৰাঠা ইতিহাস বুজিব নোৱাৰোঁ, একেদৰেই লাচিত বৰফুকনৰ নেতৃত্বত থকা অসমীয়া সৈন্যই নৌ-যুদ্ধত দেখুওৱা অসীম বীৰত্ব আৰু পাৰদৰ্শিতাৰ ইতিহাস অবিহনে অসমৰ ইতিহাস আধৰুৱা। এতিয়া গুপ্ত যুগৰ জাহাজৰ পুনৰ নিৰ্মাণ কৰা হৈ আছে। 

 

একেদৰেই তাহানিৰ দুই মহা নৌশক্তি মাৰাঠা সাম্ৰাজ্যৰ যুগৰ আৰু লাচিত যুগৰ নৌকা পুনৰ নিৰ্মাণ কৰি আমি ইতিহাসক পুনৰুজ্জীৱিত কৰি তুলিব পাৰোঁ। লাচিত বৰফুকনৰ দৰে মহাবীৰক স্মৰণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে আভ্যন্তৰীণ জলপথৰ আমাৰ সৰ্ববৃহৎ সম্পদ- সম্ভাৱনাক তৎপৰতাৰে ত্বৰান্বিত কৰিবলৈ চেষ্টা কৰি আহিছে।"

লাচিত দিৱস