Advertisment

৫ কুইন্টল ওজনৰ লাচিত বৰফুকনৰ বিশাল প্ৰতিমূৰ্তি প্ৰতিষ্ঠা...

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষত অৱস্থিত মাৰ্কেটিং ছ’চাইটিৰ সন্মুখত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ উপস্থিতিত প্ৰতিষ্ঠা কৰা হয় লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিটো৷

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ  ৫ কুইন্টল ওজনৰ ৮ ফুট উচ্চতাৰ লাচিতৰ প্ৰতিমূৰ্তি লৈ জামুগুৰিহাট আৰু চতিয়াত ৰাইজৰ বিশাল শোভাযাত্ৰা।  উদ্যমী যুৱক নীৰজ নিশিম হাজৰিকাৰ প্ৰচেষ্টাত জামুগুৰিহাটৰ শান্তিপুৰস্থিত কন্যকা মাৰ্কেটিং ছ’চাইটিৰ সন্মুখত লাচিত দিৱসৰ দিনটোত সম্পূৰ্ণ মাংগলিক পৰম্পৰাৰে স্থাপন কৰা হ’ব এই বৃহৎ প্ৰতিমূৰ্তিটো৷

Advertisment

সেই উদ্দেশ্যে ভাস্কৰ্য শিল্পী মনজিত হাজৰিকাৰ হাতৰ পৰশত প্ৰাণ পাই উঠা এই প্ৰতিমূৰ্তিভাগ আজি এইদৰেই সন্মুখত গজৰাজ আৰু পুষ্পসজ্জিত বাহনত জাতীয় সাজপাৰ পৰিধান কৰি বৃহৎ শোভাযাত্ৰাৰে লৈ অহা হয় কন্যকা মাৰ্কেটিং ছ’চাইটিৰ সন্মুখলৈ ৷ ইয়াৰ পিছতেই ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষত অৱস্থিত মাৰ্কেটিং ছ’চাইটিৰ সন্মুখত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ উপস্থিতিত প্ৰতিষ্ঠা কৰা হয় লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিটো৷

হাজাৰ হাজাৰ লোকৰ উপস্থিতিত প্ৰতিমূৰ্তি প্ৰতিষ্ঠাৰ পিছত বিধায়ক হাজৰিকাই উদ্যমী যুৱক নীৰজ নিশিম হাজৰিকাৰ এই প্ৰচেষ্টাৰ শলাগ লয়। লগতে অসমীয়া জাতিৰ শৌৰ্য্য বীৰ্যৰ প্ৰতিক মহাবীৰ লাচিতৰ নিভাঁজ দেশপ্ৰেম তথা বীৰত্বক সৰোগত কৰি অনাগত দিনত অসমীয়া জাতিটো আগবাঢ়িব লাগিব বুলিও মত পোষণ কৰে৷

লাচিত বৰফুকন