নুমলীগড় শোধনাগাৰ মাৰ্কেটিং টাৰ্মিনেলত ট্ৰাকৰ চেপাত শ্ৰমিকৰ মৃত্যু...

নুমলীগড় শোধনাগাৰ মাৰ্কেটিং টাৰ্মিনেলত ট্ৰাকৰ চেপাত শ্ৰমিকৰ মৃত্যু...

ডিজিটেল সংবাদ নুমলীগড়: নুমলীগড় শোধনাগাৰৰ মাৰ্কেটিং টাৰ্মিনেলত আজি বিয়লী এক দুৰ্ঘটনা সংঘটিত হয় ৷ মাৰ্কেটিং টাৰ্মিনেলৰ ভিতৰৰ পৰা ওলাই অহা ইউ পি ২৩ এ টি ৩৭০৪ নম্বৰৰ ৱাক্স ভৰ্তি ট্ৰাকখনৰ চেপাত ইছুক পানি নামৰ অস্থায়ী শ্ৰমিকজনৰ মৃত্যু হয় ৷

ইছুকে মাৰ্কেটিং টাৰ্মিনেলৰ ল’ডিং ট্ৰাকসমূহত অস্থায়ীভাৱে কাম কৰিছিল ৷ ট্ৰাকখনৰ তলত কাম কৰি থাকোতেই ঘটনাতো সংঘটিত হয় ৷

ইতিমধ্যেই নুমলীগড় আৰক্ষীয়ে শ্ৰমিকজনক উদ্ধাৰ কৰি মুমূৰ্ষুু অবস্থাত এন আৰ এল বিবেকানন্দ কেন্দ্ৰ হাস্পিটাললৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে মৃত ঘোষনা কৰে ৷ মাৰ্কেটিং টাৰ্মিলেলৰ লৰী পাৰ্কিংত বিশৃংখলভাবে চালকসকলে ট্ৰাক - টেংকাৰসমূহ পাৰ্কিং কৰাৰ ফলতে এনে ঘটনা সংঘটিত হোৱা বুলি শ্ৰমিক সকলে অভিযোগ কৰিছে ৷

ক্লিক কৰি পঢ়কঃ অখ্যাত বলাৰে এটা অভাৰতে খহাই দিছিল বিশ্ব ক্ৰিকেটৰ বেষ্ট বেটিং লাইনআপ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in