/asomiyapratidin/media/media_files/2025/04/22/fqLFZD9RXTylvuYKXSyL.jpg)
১.৭ লাখ কোটি টকাৰ ব্যৱসায়
ডিজিটেল ডেস্ক : খাদী আৰু গ্ৰামোদ্যোগ আয়োগে ২০২৪-২৫ বিত্তীয় বৰ্ষত ১.৭ লাখ কোটি টকাতকৈ অধিক বিক্ৰী লাভ কৰিছে। ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ ৰাজ্যিক মন্ত্ৰী শোভা কাৰাণ্ডলাজেৰ লিখিত উত্তৰত সদৰী কৰিছে যে, বিত্তীয় বৰ্ষ ২০২৪ত বিক্ৰী ১.৫৬ লাখ কোটি টকাতকৈও অধিক হৈছে । অৰ্থাৎ ২৫ বিত্তীয় বৰ্ষত বিক্ৰী ৯.৫ শতাংশতকৈ অধিক বৃদ্ধি পাইছে ইয়াৰ পৰিসংখ্যা।
কেভিআইচিৰ অধ্যক্ষ মনোজ কুমাৰে উল্লেখ কৰে যে, "২৪ বিত্তীয় বৰ্ষত ২৬ হাজাৰ কোটি টকাতকৈ অধিক উৎপাদনৰ বিপৰীতে ২৫ বিত্তীয় বৰ্ষত চাৰিগুণ বৃদ্ধি পাইছে। খাদীৰ উৎপাদন আৰু বিক্ৰী ক্ৰমে ৩৬৬ শতাংশ আৰু ৫৬১ শতাংশ বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে খাদীৰ নিয়মীয়া প্ৰচাৰে হয়তো উৎপাদন আৰু বিক্ৰীও বৃদ্ধি কৰিছে" বুলি উল্লেখ কৰে কেভিআইচিৰ অধ্যক্ষগৰাকীয়ে।
উল্লেখযোগ্য যে, প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি কাৰ্যসূচী (পিএমইজিপি) আঁচনি আৰম্ভ হোৱাৰ পিছৰে পৰা ১০ লাখৰো অধিক ইউনিট স্থাপন কৰা হৈছে। এই ইউনিটসমূহৰ বাবে চৰকাৰে ৭৩০০০ কোটি টকাতকৈ অধিক ঋণৰ বিপৰীতে ২৭,০০০ কোটিতকৈ অধিক ৰাজসাহায্য ঘোষণা কৰে। এই পৰ্যন্ত ৯০ লাখৰো অধিক লোকে পিএমইজিপিৰ জৰিয়তে কৰ্মসংস্থাপন লাভ কৰিছে বুলিও সদৰি কৰে মনোজ কুমাৰে।
তেওঁ লগতে কয় যে, “যোৱা ১০ বছৰত ৭.৪৩ লাখতকৈ অধিক প্ৰশিক্ষাৰ্থীৰ ভিতৰত ৪.২৭ লাখতকৈ অধিক (৫৭ শতাংশতকৈ অধিক) মহিলা। তদুপৰি ৫ লাখ খাদী শিপিনীৰ ৮০ শতাংশই মহিলাও। যোৱা ১১ বছৰত খাদী শিপিনীৰ মজুৰি ২৭৫ শতাংশ বৃদ্ধি পাইছে আনহাতে যোৱা তিনি বছৰত ১০০ শতাংশ বৃদ্ধি পাইছে” বুলিও সদৰি কৰে কেভিআইচিৰ অধ্যক্ষগৰাকীয়ে।