/asomiyapratidin/media/media_files/2025/03/16/opJ9s36e8uNZpC9sdTH1.jpg)
প্ৰয়াগৰাজৰ সংগমস্থলী
ডিজিটেল ডেস্ক: মহাকুম্ভ শেষ হ'ল। নিজম পৰিল কোটি কোটি জনতাক আদৰা প্ৰয়াগৰাজৰ সংগমস্থলী। পিছে মহাকুম্ভৰ সামৰণিৰ ১৫ দিনৰ পাছতো সংগম উপকূলত ভিৰ কৰিছে বৃহৎ সংখ্যক বিদেশী চৰাইয়ে। কোটি কোটি ভক্তই ভিৰ কৰা উপকূলত এতিয়া কেৱল পক্ষীৰ কলৰৱ। এই ঘটনাই আচৰিত কৰি তুলিছে বিজ্ঞানীসকলকো।
প্ৰতি বছৰে ডিচেম্বৰ মাহৰ শেষৰ ফালে ৰাছিয়া, চাইবেৰিয়া, পোলেণ্ড আদি শীতল দেশৰ পৰা হাজাৰ হাজাৰ বিদেশী চৰাই সংগমস্থলীলৈ আহে। ফেব্ৰুৱাৰী মাহৰ শেষলৈকে তেওঁলোকৰ থকাৰ সময়, কিন্তু এইবাৰ ১৩ মাৰ্চলৈকে আছে চৰাইবোৰ। পক্ষী বিজ্ঞানী অধ্যাপক ড. সন্দীপ মালহোত্ৰাই সদৰী কৰা অনুসৰি, লাৰুছ ৰিডিবুণ্ডাছ প্ৰজাতিৰ এই বিদেশী চৰাইবোৰক প্ৰদূষণমুক্ত পানী আৰু বিশুদ্ধ বায়ুৰ সূচক হিচাপে গণ্য কৰা হয়। পানীত উপস্থিত জলজ জীৱ-জন্তু নিৰাপদ আৰু পৰিৱেশ অনুকূল হ’লেহে এই চৰাইবোৰ স্বাভাৱিকতে ৰৈ যায়। তেওঁলোকৰ দীৰ্ঘদিনীয়া উপস্থিতিয়ে ইংগিত দিয়ে যে মহাকুম্ভৰ সময়ত গংগা পানী পৰিষ্কাৰ কৰি ৰখাৰ প্ৰচেষ্টা সফল হৈছিল।
উত্তৰ প্ৰদেশ প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ প্ৰতিবেদনে এই কথাও নিশ্চিত কৰিছে যে সংগম অঞ্চলৰ পানী আৰু বায়ু পূৰ্বতকৈ বহু বিশুদ্ধ হৈ পৰিছে। গংগাত ডলফিনৰ সংখ্যা বৃদ্ধি পোৱাটোও পানীৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰমাণ। কেৱল পৰিৱেশৰ বাবেই নহয় পৰ্যটন আৰু ধৰ্মীয় বিশ্বাসৰ ক্ষেত্ৰতো ই এক ইতিবাচক লক্ষণ।
উল্লেখযোগ্য যে,মহাকুম্ভ ২০২৫ৰ সময়ত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে গংগা পৰিষ্কাৰ আৰু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে বিশেষ অভিযান আৰম্ভ কৰিছিল। নমামি গংগা আঁচনিৰ অধীনত গংগাৰ পানীত লেতেৰা নলা নিক্ষেপ কৰাত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছিল।