সংগীত নাটক অকাডেমী বঁটা প্ৰাপক ক্ষীৰদ খাখলাৰী আৰু নাই...

author-image
Asomiya Pratidin
New Update
সংগীত নাটক অকাডেমী বঁটা প্ৰাপক ক্ষীৰদ খাখলাৰী আৰু নাই...

KSHIROD Khaklary

ডিজিটেল ডেস্কঃ সংগীত নাটক অকাডেমী বঁটা প্ৰাপক লোকশিল্পী ক্ষীৰোদ খাখলাৰী আৰু নাই। বৃহস্পতিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে লোকশিল্পীগৰাকীয়ে।

উল্লেখ্য যে, যোৱা ১১ অক্টোবৰৰ বৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা ক্ষীৰোদ খাখলাৰীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত আই চি ইউলৈ স্থানান্তৰিত কৰা হৈছিল যদিও তেওঁ মৃত্যৰ ওচৰত হাৰ মানে।

ক্ষীৰোদ খাখলাৰীৰ বিয়োগত নিখিল বড়ো ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল, সংগঠনে শোক প্ৰকাশ কৰিছে। আনহাতে বি টি চিৰ মুৰব্বী প্ৰমোদ বড়োৱেও খাখলাৰীৰ বিয়োগত শোক প্ৰকাশ কৰিছে। বড়ো নৃত্য আৰু সংগীতৰ সাধকগৰাকীৰ মৃত্যুত তেওঁৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

assam btr pramod boro KSHIRO Khaklary