/asomiyapratidin/media/media_files/2025/06/21/yhyh-2025-06-21-21-35-49.jpg)
ডিজিটেল ডেস্কঃ দেখিবলৈ বিৰাটেই ধুনীয়া। ধুনীয়া হোৱাৰ বাবেই হয়তো ইনষ্টাগ্ৰামত ভিডিঅ' দিলেই আহে সহস্ৰাধিক লাইক, কমেন্ট। এনেদৰেই সামাজিক মাধ্যম ইনষ্টাগ্ৰামত ধুনীয়া যুৱতীগৰাকীয়ে গোটাইছিল ১মিলিয়নৰো অধিক ফলৱাৰ্ছ। ধুনীয়া চেহেৰাৰ গৰাকী হৈ বেলেগৰ জীৱন ঘূণীয়া কৰিবলৈ চেষ্টা কৰোতেই যুৱতীগৰাকী আৰক্ষীৰ জালত পৰিল। এতিয়া ৰঙাঘৰৰ ভাত খাই থকা এই ধুনীয়া যুৱতীগৰাকীৰ নাম হৈছে কৃৰ্তি পেটেল।
গুজৰাটৰ আহমেদাবাদৰ ছৰখেজ অঞ্চলত ঘৰ কৃৰ্তিৰ। ইনষ্টাগ্ৰামত অতিকৈ জনপ্ৰিয় কৃৰ্তি। ১০লাখৰো অধিক অনুগামী থকা কৃৰ্তিয়ে আহমেদাবাদৰ এগৰাকী ব্যৱসায়ীক সামাজিক মাধ্যমত বদনাম কৰি ভাৱমূৰ্তি নষ্ট কৰাৰ ভাবুকি প্ৰদান কৰি দাবী কৰিছিল কোটি টকা।
কেৱল কৃৰ্তিয়ে নহয়, তেওংৰ সৈতে আছিল আন ৬গৰাকী সহযোগী। কৃৰ্তি গেঙৰ ধন দাবীত অতিষ্ঠ হৈ ২০২৪ৰ জুন মাহতে এজাহাৰ ৰুজু কৰিছিল ব্যৱসায়ীগৰাকীয়ে। কিন্তু আৰক্ষীৰ হাতৰ পৰা বাৰে বাৰে বাচি আছিল কৃৰ্তি। কিন্তু অৱশেষত আৰক্ষীৰ তদন্তত জালত পৰিল কৃৰ্তি গেং।
আৰক্ষীৰ তদন্তত জালত পৰাৰ ভয়ত পলাই আছিল কৃৰ্তি। কিন্তু অৱশেষত চোৰাংচোৱাৰ সহায়ত কৃৰ্তিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী। চুৰাট আদালতে বাৰে বাৰে ৱাৰেন্ট জাৰি কৰিছিল যদি তালৈ ভ্ৰুক্ষেপ নাছিল কৃৰ্তিৰ। অৱশেষত ব্যৱসায়ীক ২কোটি টকা দাবী কৰা কৃৰ্তিক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰায় আৰক্ষীয়ে।