/asomiyapratidin/media/media_files/2025/07/27/krishti-das-2025-07-27-13-15-34.jpg)
ডিজিটেল সংবাদ, মঙলদৈঃ পুনৰ দৰং জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে এগৰাকী ছাত্ৰীয়ে। জানিব পৰা মতে দৰং জিলাৰ দেওমৰনৈ কুমাৰপাৰাৰ জীয়ৰী কৃষ্টি দাসে ৰাষ্ট্ৰপতি গাইড চাৰ্টিফিকেট এক্সামিনেছনত দেশৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰি ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে।
যোৱা ২২ জুলাইত ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হোৱা এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত দেশৰ মহামান্য ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মূয়ে কৃষ্টি দাসে এই পুৰস্কাৰ প্ৰদান কৰে। কৃষ্টি বৰ্তমান দিল্লী বিশ্ববিদ্যালয়ৰ মিৰাণ্ডা হাউচত স্নাতক মহলাত অধ্যয়নৰত।
কৃষ্টিৰ এই সাফল্যত জিলাখনৰ শিক্ষাৰ্থীসকলৰ মাজত আনন্দৰ পৰিবেশে বিৰাজ কৰাৰ লগতে বহু জনে কৃষ্টিক শুভেচ্ছা জ্ঞাপন কৰিছে।