আজি কৃষ্ণ জন্মাষ্টমী!

কৃষ্ণৰ গুণ-গৰিমা, বন্দনাৰে মুখৰিত চৌদিশ...

author-image
Asomiya Pratidin
New Update
আজি কৃষ্ণ জন্মাষ্টমী!

ডিজিটেল ডেস্কঃ "আজি ৰাতি শিলা বৰষিলে নুশুনি প্ৰজাৰ মাত,

Advertisment

পালি-পহৰীয়া সৱে নিদ্ৰা গৈলা উপজিলা জগন্নাথ"...

আজি জন্মাষ্টমী। পবিত্ৰ ভাদ মাহত কংসৰ কাৰাগাৰত দৈবকীৰ উদৰত জন্ম হৈছিল ভগৱান শ্ৰীকৃষ্ণৰ৷ শ্ৰীমদ্ভাগৱতত উল্লেখ থকা অনুসৰি ভগৱান শ্ৰীকৃষ্ণৰ জন্ম ভাদ মাহৰ কৃষ্ণ পক্ষৰ ৰোহিনী নক্ষত্ৰৰ অষ্টমী তিথিত হৈছিল৷ সেই অনুসৰি হিন্দু ধৰ্মাৱলম্বী লোক সকলে ভগৱান শ্ৰীকৃষ্ণৰ জন্মোৎসৱ উলহ-মালহেৰে পালন কৰি আহিছে৷ 

জন্মাষ্টমী উপলক্ষে ভগৱান শ্ৰীকৃষ্ণৰ আৰাধনা কৰিবলৈ সমগ্ৰ দেশবাসী সাজু হৈছে৷ সেইদৰে মথুৰাত জন্মাষ্টমীক লৈ উৎসৱমুখৰ পৰিবেশে বিৰাজ কৰিছে৷ শিশু কৃষ্ণৰ গুণ-গৰিমা, বন্দনাৰে মুখৰিত হৈছে চৌদিশ৷ 

ভগৱান শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তনৰ বাবে ৰাজ্যৰ সত্ৰ–নামঘৰ সমূহত ভকত–বান্ধৱৰ ভিৰ আৰম্ভ হৈছে। ভক্তি ৰসৰ অমিয়া সুৰেৰে জীপাল হৈ পৰিছে উজনি–নামনি। ভগৱান বিষ্ণুৰ শ্ৰেষ্ঠ অৱতাৰ শ্ৰীকৃষ্ণৰ জন্মদিন উপলক্ষে প্ৰান্তে প্ৰান্তে অনুষ্ঠিত কৰা হৈছে ধৰ্মীয় কাৰ্যসূচীৰ।

Also Read: ২০২৫চনত পৃথিৱীলৈ উভতিব মহাকাশচাৰী সুনীতা-উইলম...

Janmashtami Krishna