/asomiyapratidin/media/media_files/2025/06/09/rTNtFBbdwjuZQjK3jBb1.jpeg)
বন্ধ হ'ল 'কৃষ্ণা চিনেমাগৃহ'
ডিজিটেল সংবাদ ,নগাওঁ: ৰাজ্যৰ সাংস্কৃতিক জগতৰ বাবে এটা উদ্বেগজনক খবৰ। বিভিন্ন কাৰণত বন্ধ হৈ গ'ল অবিভক্ত নগাঁও জিলাৰ ১৯ টাকৈ চিনেমাগৃহ। নগাঁও জিলাৰ ৮টা, হোজাই জিলাৰ ৭টা আৰু মৰিগাঁও জিলাৰ ৪টাকৈ চিনেমাগৃহ ইতিমধ্যে বন্ধ হৈ পৰিছে। প্ৰায় চাৰিটা দশক ধৰি নগাঁও চহৰৰ এক সাংস্কৃতিক ঐতিহ্য বহন কৰি অহা অভিজাত চিনেমাগৃহ "অদিতি", জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি বিজৰিত "জয়শ্ৰী" আৰু নগাঁও চহৰৰ এলফিনষ্টোন চিনেমা গৃহ বন্ধ হৈ ইতিহাস হৈ পৰাৰ পাছত এইবাৰ বন্ধ হৈ পৰিল নগাঁও চহৰৰ আন এটা অভিজাত চিনেমা গৃহ ''কৃষ্ণা''।
জানিব পৰা মতে, চলিত বৰ্ষৰ মে' মাহৰ পৰাই বন্ধ হৈ আছে চিনেমাগৃহ কৃষ্ণা। অচিৰেই কৃষ্ণা চিনেমাগৃহ ভাঙি পেলোৱাৰ সম্ভাৱনা আছে। কৃষ্ণা চিনেমাগৃহটো অতি দুৰ্ভাগ্যজনকভাৱে বন্ধ হৈ পৰাত সাংস্কৃতিপ্ৰেমী ৰাইজ শোকাহত হৈ পৰিছে। নগাঁৱৰ মহাত্মা গান্ধী পথত আশীৰ দশকতে নগাঁৱৰ বিশিষ্ট ব্যৱসায়ী, চলচ্চিত্ৰ প্ৰযোজক, সাংস্কৃতিক কৰ্মী কাশী প্ৰসাদ বিহানীয়ে নিৰ্মাণ কৰাইছিল কৃষ্ণা চিনেমাগৃহটো। আটকধুনীয়া চিনেমা গৃহটোত ইখনৰ পাছত সিখনকৈ চুপাৰহিট অসমীয়া আৰু হিন্দী ছবিৰ প্ৰদৰ্শন কৰা হৈছিল ।
কাশী প্ৰসাদ বিহানীৰ বিয়োগৰ পাছত তেওঁৰ কণিষ্ঠ পুত্ৰ স্বত্বাধিকাৰী হৈছিল। তেঁৱো কেইটামান বছৰ ভালকৈয়ে চলাইছিল যদিও চৰকাৰৰ ভুল সাংস্কৃতিক নীতি, ৰাজ্যিক চলচ্চিত্ৰ উন্নয়ন নিগমৰ চৰম বৈষম্য, অতিমাৰী কৰ'নাৰ বিভীষিকা, দিঘলীয়া তলাবন্ধৰ, কৰ'নাজনিত কঠোৰ স্বাস্থ্য বিধি আদিৰ পৰিপ্ৰেক্ষিতত জুৰুলা হৈ পৰে আৰু ভীষণ লোকচানৰ সন্মুখীন হয়। পাছলৈ যিকোনো চিনেমাই তিনি দিনৰো অধিক নচলাত তেওঁ চিনেমাগৃহটো চলাব নোৱাৰা হৈ পৰে।
আনহাতে, চলিত বৰ্ষত চিনেমা গৃহটোৰ স্বত্বাধিকাৰীজন অসুস্থ হৈ পৰাত যোৱা ন মে'ৰ পৰা চিনেমা গৃহটো বন্ধ কৰি দিয়া হয়। দুৰ্ভাগ্যজনক ভাৱে তেওঁৰ মৃত্যু হয়। এক সূত্ৰৰ পৰা জানিব পৰা মতে, বিহানী পৰিয়ালে ইতিমধ্যে নগাঁৱৰ সাংস্কৃতিক ঐতিহ্য স্বৰূপ কৃষ্ণা চিনেমা গৃহটো ভূমিসহ বহু কোটি টকাত এক ধৰ্মীয় অনুষ্ঠানক বিক্ৰী কৰিছে। কৃষ্ণা চিনেমা গৃহটো নগাঁৱৰ ধৰ্মীয় অনুষ্ঠানটোক বহু কোটি টকাত বিক্ৰী কৰাৰ কথা এতিয়া ৰাইজৰ মুখে মুখে বাগৰিছে। অচিৰেই হাতুৰীৰ কোৱ পৰি অস্তিত্ব নাইকিয়া হৈ পৰিব নগাঁৱৰ সাংস্কৃতিক ঐতিহ্য বহন কৰা কৃষ্ণা চিনেমা গৃহৰ। সেই স্থানত গঢ়ি উঠিব এক ধৰ্মীয় অনুষ্ঠান।
মধ্য অসমৰ অগণন সংস্কৃতিপ্ৰেমী ৰাইজৰ বহু স্মৃতি জড়িত হৈ থকা নগাঁও চহৰৰ অদিতি আৰু জয়শ্ৰী চিনেমা গৃহ দুটা চৰকাৰৰ ভুল সাংস্কৃতিক নীতি,ৰাজ্যিক চলচ্চিত্ৰ উন্নয়ন নিগমৰ চৰম বৈষম্য, অতিমাৰী কৰ'নাৰ বিভীষিকা, দিঘলীয়া তলাবন্ধৰ, আনলক, কৰ'নাজনিত কঠোৰ স্বাস্থ্য বিধি আদিৰ পৰিপ্ৰেক্ষিতত জুৰুলা হৈ বন্ধ হৈ পৰিছিল। এই চিনেমা গৃহ দুটাত হোৱা লোকচানৰ বাবেই অনিচ্ছাকৃত ভাৱেও চিনেমাগৃহটোৰ স্বত্বাধিকাৰীয়ে ইয়াক বন্ধ কৰি দিবলৈ বাধ্য হয়। কেৱল ইমানেই নহয়, ঐতিহ্যমণ্ডিত অদিতি চিনেমাগৃহটো হোজাই জিলাৰ এজন ব্যৱসায়ীক বিক্ৰী কৰা হয়। ইয়াৰ পাছতেই এই চিনেমাগৃহটো ভাঙি পেলোৱা হয়।
উল্লেখযোগ্য যে, ষাঠিৰ দশকতে নগাঁও চহৰৰ মাজমজিয়াৰ ইটাচালিত ৩৭নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ কাষতেই অসমীয়া ব্যৱসায়ী নন্দেশ্বৰ বৰাই নিৰ্মাণ কৰাইছিল অতি আটকধুনীয়া "অদিতি" চিনেমাগৃহৰ। ১৯৭৯ চনত শ্ৰুতিমধুৰ সংগীতৰে ভৰা "পেহলী" নামৰ হিন্দী ছৱিখনেৰে চিনেমা গৃহটো মুকলি কৰা হৈছিল অতি আড়ম্বৰপূৰ্ণ ভাৱে। আটকধুনীয়া চিত্ৰগৃহ, প্ৰকাণ্ড পৰ্দা, সুন্দৰ ছাউণ্ড চিষ্টেম,সুন্দৰ আলোকসজ্জা, আৰামদায়ক আসন সমৃদ্ধ চিনেমাটোত চিনেমা চোৱাটো এসময়ত এক গৌৰৱৰ বিষয় আছিল।
১৯৮০চনৰ ২২ফেব্ৰুৱাৰীত মুক্তি লাভ কৰা চুপাৰ হিট অসমীয়া ছৱি "আজলী নৱৌ" নগাঁও চহৰৰ অদিতি চিনেমা হলত সগৌৰৱে ৮সপ্তাহ চলিছিল। এই চিনেমাখন চাবলৈকে মধ্য অসমৰ বিভিন্ন জিলাৰ বিভিন্ন অঞ্চলৰ পৰা ৰাইজ বাছ ভাড়া কৰি আহিছিল। অনেক হাউছফুল চিনেমাৰ মাজৰে "ককা দেউতা নাতি আৰু হাতী", "এক দুজেকে লিয়ে" আৰু "কোৰবানী" প্ৰদৰ্শনৰ সময়ত চিনেমা হলটোত হোৱা দৰ্শকৰ অভুতপূৰ্ব ভিৰৰ কথা এতিয়াও মনত ৰাখিছে নগঞা ৰাইজে।
স্মৰ্তব্য যে,আশীৰ দশকত বিখ্যাত গজল গায়ক পঙ্কজ উধাচে এই হলটোতে এক অনুষ্ঠান পৰিবেশন কৰি গৈছিল। এসময়ত অদিতি চিনেমা গৃহৰ টিকট কাউন্টাৰৰ সন্মুখত হোৱা প্ৰচণ্ড ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ চি আৰ পি এফ বাহিনীও নিয়োগ কৰিব লগীয়া হৈছিল। হলটোত চিনেমাৰ চাৰিটাকৈ দৰ্শনীৰ ব্যৱস্থা আছিল। মৰ্ণিং শ্ব', মেটিনি শ্ব', ফাষ্ট শ্ব' আৰু চেকেণ্ড শ্ব'। প্ৰতিটো দৰ্শনীৰ অন্তত চিনেমাগৃহটোৰ সন্মুখত ৩৭নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথত ব্যাপক যানজঁটৰ সৃষ্টি হৈছিল।
ইফালে, চৰকাৰৰ চৰম অৱহেলাৰ বাবেই অসমীয়া চলচ্চিত্ৰ জগতৰ বাটকটীয়া স্বৰূপ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি বিজড়িত নগাঁও চহৰৰ মাজমজিয়াৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা জয়শ্ৰী চিনেমা হলত ২০১৯ বৰ্ষতে পৰিছিল হাতুৰী কোৱ। হাতুৰীৰ কোৱত চুৰ্ণ-বিচূৰ্ণ হৈ পৰিল ঐতিহ্যমণ্ডিত চিনেমা গৃহটো। ১৯৩৮ত এই চিনেমা গৃহটো নিৰ্মাণ কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই। সেই সময়ত নগাঁৱৰ এজন ব্যৱসায়ীৰ পৰা লীজত লৈ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ঐতিহ্য বহনকাৰী এই চিনেমা হলটো তেওঁৰ বৰ জীয়ৰী জয়শ্ৰী নামেৰে নামাকৰণ কৰিছিল। এই চিনেমা হলটোতে ১৯৩৯ত জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বিতীয় কথাছবি ইন্দ্ৰমালতী প্ৰদৰ্শন কৰা হৈছিল। পৰবৰ্তী সময়ত হলটো চোৱা চিতা কৰিছিল জ্যোতিপ্ৰসাদৰ ভাতৃ হৃদয়ানন্দ আগৰৱালাই।
বহু কেইখন উচ্চ মানবিশিষ্ট অসমীয়া চিনেমা এই হলটোত প্ৰদৰ্শিত হৈছিল। কেইবছৰমান আগলৈকে চলি থকা এই চিনেমা গৃহটো বিভিন্ন কাৰণত বন্ধ হৈ পৰিছিল। পিছলৈ চিনেমা হলটো আৰু ভূমিৰ মালিকীস্বত্ব লাভ কৰে নগাঁৱৰ কোটিপতি ব্যৱসায়ী ধনপ্ৰদ ঘেৰাৱতে। তেতিয়াই ব্যৱসায়ী জনে চিনেমা হলটো বন্ধ কৰি দিয়াৰ লগতে হলটো ভাঙি সেই স্থানত ব্যৱসায়িক প্ৰতিষ্ঠান নিৰ্মাণ কৰে।
এতিয়া জয়শ্ৰী চিনেমাগৃহৰ কোনো অস্তিত্বই বিচাৰি পাবলৈ নাই। তাৰ ঠাইত গঢ় লৈ উঠিল ব্যৱসায়িক প্ৰতিষ্ঠান। আনহাতে,চহৰ খনৰ আন এটা চিনেমাগৃহ এলফিনষ্টোন বিক্ৰী হোৱাত সেই স্থানত গঢ়ি তোলা হয় এক প্ৰকাণ্ড বিবাহ ভৱন। উল্লেখ্য যে, এতিয়া নগাঁও চহৰত থকা একমাত্ৰ চিনেমাগৃহটো হৈছে "দিব্যজ্যোতি "। এই চিনেমাগৃহটোৰ মালিক আছিল প্ৰখ্যাত চলচ্চিত্ৰ প্ৰযোজক প্ৰয়াত মুহিৰাম শইকীয়া আৰু তেওঁৰ পুত্ৰ ধৰ্মকান্ত শইকীয়া।
অৱশ্যে, নগাঁৱৰ বাইপাছত ৰিফেছক'ত "অপেৰা"নামৰ চিনেমা হলটোয়ে চিনেমাপ্ৰেমী ৰাইজক কিছু সকাহ দিয়া পৰিলক্ষিত হৈছে। কিন্তু সীমিত সংখ্যক আসনৰ বাবে এই চিনেমা হলটোয়ে বিশেষ চাহিদা পূৰণ কৰিবলৈ সক্ষম হোৱা নাই। যাৰ ফলত সাম্প্ৰতিক সময়ত "দিব্যজ্যোতি" আৰু "অপেৰা"ই চিনেমাপ্ৰেমীক সময়তে চিনেমা চাবলৈ সুযোগ দিব পৰা নাই। আনকি বৰ্তমান চলি থকা "ভাইমনদা" ছবিখনৰ টিকটৰ অভাৱত নগঞা বহু চিনেমা প্ৰেমী ৰাইজে চাও বুলিও চাবলৈ যাব পৰা নাই।
ইপিনে, চৰকাৰী সহযোগিতাৰ অভাৱতে জিলা খনৰ কামপুৰত এটা চিনেমা গৃহৰ লগতে ধিং নগৰ আৰু কদমণিত এটাকৈ মিনি চিনেমাহল বন্ধ হৈ পৰে। এতিয়া ধিং চিনেমা হলৰ ঠাইত গঢ়ি উঠিল ব্যৱসায়িক প্ৰতিষ্ঠান। আনহাতে, হোজাই জিলাৰ হোজাইত তিনিটা, ডবকাত দুটা, লংকাত এটা আৰু লামডিঙত এটা চিনেমা গৃহ আছিল। এসময়ত সেই চিনেমা গৃহ সমূহতো চিনেমা চাবলৈ অহা দৰ্শকে ঠাহ খাই পৰিছিল। কিন্তু এতিয়া সেই কথা ইতিহাস হ'ল। কাহানিবাই বন্ধ হৈ পৰিল হোজাই জিলাৰ আটাই কেইটা চিনেমা গৃহ। ইপিনে, প্ৰতিৱেশী জিলা মৰিগাঁৱৰ মৰিগাঁও চহৰত এটা, জাগীৰোড নগৰত এটা আৰু মৈৰাবাৰী বজাৰত এটা চিনেমা গৃহ আছিল। পৰিতাপৰ বিষয়য যে, জিলা খনৰো আটাইকেইটা চিনেমা গৃহ কাহানিবাই বন্ধ হৈ পৰে। অৱশ্যে ৰয়েল চিনে নামৰ সীমিত সংখ্যক আসনৰ চিনেমা গৃহটোৱে এতিয়া মৰিগাঁওবাসী চলচ্চিত্ৰপ্ৰেমীৰ একমাত্ৰ আশা।