/asomiyapratidin/media/media_files/2024/12/10/FHoYYdzs9PFwE4WLU8Qv.jpg)
ডিজিটেল সংবাদ,চিৰাংঃ চিৰাং জিলাৰ সদৰ কাজলগাঁওস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ তত্ত্বাৱধানত আৰু গ্ৰাম্য উদ্যানশস্য কৰ্ম অভিজ্ঞতা কাৰ্য্যক্ৰম ছাত্ৰ-ছাত্ৰীৰ উদ্যোগত কৃষি বিজ্ঞান কেন্দ্ৰ চৌহদত মঙলবাৰে এক কৃষি মেলা অনুষ্ঠিত হয়। উক্ত কৃষি মেলাৰ আনুষ্ঠানিক উদ্বোধন কৰে চিদলী সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্ম আৰু বিটিচিৰ কাৰ্যবাহী সদস্য ছাইখং বসুমতাৰীয়ে।
উল্লেখ্য যে নলবাৰীৰ উদ্যানশস্য মহাবিদ্যালয়ত অধ্যয়নৰত ২৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে কৰ্ম অভিজ্ঞতা কাৰ্য্যক্ৰমৰ অধীনত আয়োজিত আজিৰ কৃষি মেলাত কেইবাটাও কৃষিজাত সামগ্ৰীৰ আকৰ্ষণীয় বিপনী আৰু বিভিন্ন কৃষিভিত্তিক প্ৰদৰ্শনীৰ ব্যবস্থা কৰা হয় । কৃষি মেলাৰ কাৰ্যসূচীৰ লগত সঙ্গতি ৰাখি কৃষি বিজ্ঞান কেন্দ্ৰৰ সভাগৃহত এখন সজাগতামূলক সভাও অনুষ্ঠিত কৰা হয় ।
প্ৰথমে বন্তি প্ৰজ্বলনৰ মাজেৰে সভাৰ শুভাৰম্ভ কৰি মুখ্য অতিথি বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্মই ছাত্ৰ-ছাত্ৰী সকলে প্ৰকাশ কৰা "বনন্ধুৰা" নামৰ এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰে । সভাত ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰাৰ সময়ত যুগুত এক চুটি তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয় ।
আজিৰ সভাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কৃষক সকলৰ উপৰি আমন্ত্ৰিত কৃষি মহাবিদ্যালয়ৰ পৰা কৃষি বিজ্ঞানী সকল উপস্থিত থাকে বুলি কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ডঃ চন্দন ডেকাই সদৰি কৰে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us