আমাৰ লক্ষ্য প্ৰতিজন নাগৰিকক কল্যাণমূলক আঁচনি প্ৰদান কৰাঃকৃষ্ণেন্দু পাল

কৃষ্ণেন্দু পালৰ বৈঠকৰ মূল উদ্দেশ্য আছিল সংশ্লিষ্ট বিভাগসমূহৰ অধীনত চলি থকা চৰকাৰী প্ৰকল্পসমূহৰ অগ্ৰগতিৰ মূল্যায়ন কৰা। সভাত সৰ্বাংগীন উন্নয়ন নীতিৰ প্ৰতি চৰকাৰৰ দৃঢ় দায়বদ্ধতাক উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে

author-image
Asomiya Pratidin
New Update
l

ডিজিটেল সংবাদ,শিলচৰ:  শনিবাৰে শিলচৰৰ জিলা আয়ুক্তৰ সভাকক্ষত পশুধন আৰু পশু চিকিৎসা, মীন আৰু গ্ৰামোন্নয়ন (পথ) বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পালৰ সভাপতিত্বত এখন বিস্তৃত পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকৰ মূল উদ্দেশ্য আছিল সংশ্লিষ্ট বিভাগসমূহৰ অধীনত চলি থকা চৰকাৰী প্ৰকল্পসমূহৰ অগ্ৰগতিৰ মূল্যায়ন কৰা আৰু বৃহৎ কাৰ্যসূচীসমূহৰ ফলপ্ৰসূ ৰূপায়ণৰ কৌশল ৰচনা কৰা যাতে প্ৰকল্প সমূহৰ সুবিধাসমূহ জনসাধাৰণৰ মাজলৈ যায়।

Advertisment

বৈঠকৰ মুকলি ভাষণত মন্ত্ৰী কৃষ্ণেন্দু পালে সৰ্বাংগীন উন্নয়ন নীতিৰ প্ৰতি চৰকাৰৰ দৃঢ় দায়বদ্ধতাক পুনৰ উল্লেখ কৰি কয় যে, আমাৰ লক্ষ্য হৈছে প্ৰতিজন নাগৰিকে যাতে চৰকাৰী কল্যাণমূলক আঁচনিৰ সুবিধা লাভ কৰে। 

ৰ

চলি থকা প্ৰকল্পসমূহ ৰূপায়ণৰ ক্ষেত্ৰত উদ্ভৱ হোৱা সমস্যাসমূহ সমাধানৰ বাবে আন্তঃবিভাগীয় সমন্বয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰে মন্ত্ৰী পালে। আজিৰ সভাত শিলচৰৰ বিধায়ক দিপায়ন চক্ৰৱৰ্তী, উধৰবন্দৰৰ বিধায়ক মিহিৰ কান্তি সোম আৰু ধলাইৰ বিধায়ক নিহাৰ ৰঞ্জন দাস উপস্থিত থাকে। ইয়াৰ উপৰিও কাছাৰ জিলাৰ আয়ুক্ত মৃদুল যাদৱ, জিলা উন্নয়ন আয়ুক্ত নৰসিং বেৰ আৰু বিজেপিৰ কাছাৰ জিলাৰ সভাপতি বিমালেন্দু ৰায়ৰ লগতে পশুপালন আৰু পশু চিকিৎসা,মীন,ৰাজহুৱা কাম আৰু গ্ৰাম্য গড়কাপ্তানী বিভাগৰ শীৰ্ষ বিষয়া আৰু কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে।

বৈঠকত সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াসকলে চলি থকা প্ৰকল্পসমূহৰ বিৱৰণ দাঙি ধৰে আৰু প্ৰকল্প ৰূপায়ণৰ সমস্যা সমাধান আৰু উন্নয়নৰ প্ৰচেষ্টা ত্বৰান্বিত কৰাৰ বাবে ভৱিষ্যতৰ পৰিকল্পনাৰ ৰূপৰেখা দাঙি ধৰে। মন্ত্ৰী পালে বিষয়াসকলক অভিনৱ সমাধান গ্ৰহণ কৰিবলৈ আৰু প্ৰকল্প ৰূপায়ণৰ যিকোনো সমস্যা দূৰ কৰাৰ বাবে তৎকালীন পদক্ষেপ ল’বলৈ নিৰ্দেশ দিয়ে যাতে প্ৰকল্পটোৰ সুবিধাসমূহ সঠিকভাৱে জনসাধাৰণৰ মাজলৈ যায়। 

ত

কৃষ্ণেন্দু পাল