/asomiyapratidin/media/media_files/2025/05/26/0hCA3qhZVRwabO681jBC.jpg)
বিজেপিৰ কৰ্মীক সকিয়নী কৃষক মুক্তিৰ
ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনা সমজিলাত চৰকাৰী মহিলা উদ্যমীতা আঁচনিৰ নামত দালালি কৰা গেৰুৱা দলৰ নেতা- কৰ্মীক ৰাজহুৱাকৈ সকীয়ালে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে । সোমবাৰে ঢকুৱাখনাৰ ৰাজপথ উত্তাল কৰি শ্লোগান দিলে "মহিলা উদ্যমীতা আঁচনিৰ পৰা নাম কাটি চৰকাৰী আঁচনি গেৰুৱাকৰণ কৰা বিজেপিৰ দালাল চক্ৰ হুচিয়াৰ , গ্ৰাম্য দৰিদ্ৰ মহিলাৰ নাম অৰুনোদয় আঁচনিৰ পৰা কৰ্তন কৰা দালাল বিজেপি কৰ্মী, জীৱিকা সখী সকল সাবধান আদি ।
দৰাচলতে সোমবাৰে ঢকুৱাখনা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত সাব্যস্ত কৰা হয় এক প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী । "অসমীয়া প্ৰতিদিন ডিজিটেল"ত দেওবাৰে সমজিলাখনৰ বিভিন্ন পঞ্চায়তত অৰুনোদয় আঁচনি আৰু লাখপতি বাইদেউ আঁচনিৰ নামত জঘন্য গেৰুৱাকৰণ হোৱাৰ অভিযোগ সম্বলিত বাতৰি প্ৰকাশ হৈছিল।
প্ৰকাশ হৈছিল কিদৰে বিৰোধী ৰাজনৈতিক দলৰ হোৱা বাবেই গ্ৰাম্য দৰিদ্ৰ মহিলাৰ নাম কৰ্তন কৰি কেৱল বিজেপি কৰ্মী, সমৰ্থকক এনে আঁচনিৰ অন্তৰ্ভুক্ত কৰিছিল। এনে নিকৃষ্ট ৰাজনীতিৰ পৰা বাদ পৰি যোৱা নাছিল বিজেপিৰ মিত্ৰজোঁটৰ অংশীদাৰ অন্য ৰাজনৈতিক দলৰ কৰ্মী সমৰ্থকো।
সমজিলাখনৰ প্ৰায় সকলো পঞ্চায়তত এনেবোৰ চৰকাৰী আঁচনিকলৈ গেৰুৱাকৰণৰ নির্লজ ৰাজনীতি আৰম্ভ হোৱাৰ বাতৰি প্ৰকাশৰ পাছদিনাই সোমবাৰে এই ব্যাপক ৰাজহুৱা প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তিয়ে । কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি ৰাজু ৰাজ বৰপাত্ৰ, মুখ্য সাংগঠনিক সম্পাদক জিতুমণি হাজৰিকা , সাংগঠনিক সম্পাদক অজিত পেগু , ঢকুৱাখনা জিলা সমিতিৰ বিষয় ববীয়া ক্ৰমে দিলীপ দাস, নিপুল গগৈ , প্ৰহ্লাদ গগৈ ,দুলেশ্বৰ গোহাঁই , ৰোহিতেশ্বৰ চুতীয়া আদিৰ নেতৃত্বত বৃহত্তৰ গ্ৰামাঞ্চলৰ প্ৰবঞ্চিত ৰাইজ জনজাতি কৃষ্টি ভৱন প্ৰাঙ্গনত সমবেত হয় ।
চৰকাৰী আঁচনিৰ নামত নির্লজ ৰাজনীতি কৰা দুষ্কাৰ্য বন্ধ কৰক, দৰিদ্ৰ মহিলাৰ প্ৰাপ্য আঁচনিৰ নামটো ৰাজনীতি কৰা বিধায়ক নৱ দলে মুর্দাবাদ , মহিলা উদ্যমীতা আঁচনি ,অৰুনোদয় আঁচনিকলৈ বেহা মেলা গেৰুৱা দলৰ অৰ্থলোভী সকল হুচিয়াৰ, হিমন্ত বিশ্ব শৰ্মা- ৰঞ্জিত দাস মুর্দাবাদ, দৰিদ্ৰ মহিলাৰ নাম আঁচনিৰ পৰা কৰ্তন কৰা জীৱিকা সখী সাবধান ,অৰুনোদয় - লাখপতি বাইদেউ আঁচনিৰ গেৰুৱাকৰণ নচলিব ,শাসক দলৰ এজেন্ট খণ্ড উন্নয়ন বিষয়া হুচিয়াৰ , নিষ্কর্মা সমজিলা প্ৰশাসন মূর্দাবাদ আদি বিভিন্ন শ্লোগান দি ৰাজপথ উত্তাল কৰি প্ৰতিবাদকাৰী সকল ৰাওনা হয় ঢকুৱাখনা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্য্যালয় অভিমুখে । উক্ত কাৰ্যালয়ত বহু সময় ধৰ্ণা কাৰ্যসূচী অনুষ্ঠিত কৰি খণ্ড উন্নয়ন বিষয়াৰ কাৰ্য্যালয় চৌহদ উত্তাল কৰাৰ পাছত খণ্ড উন্নয়ন বিষয়া গৌৰাংগ দত্ত ৰাইজৰ মাজলৈ ওলাই আহে ।
তাতেই দত্তৰ হাতত কৃষক মুক্তিৰ তৰফৰ পৰা এখন ৩ দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে । কৃষক মুক্তিৰ ঢকুৱাখনা জিলা সভাপতি প্ৰহ্লাদ গগৈয়ে স্মাৰক পত্ৰ পাঠ কৰি চৰকাৰী আঁচনিৰ পৰা নাম কৰ্তন কৰা আৰু বঞ্চিত কৰা দৰিদ্ৰ মহিলা সকলৰ নাম পুনৰ তালিকাভুক্ত কৰা , ক্ষেত্ৰ ভিত্তিক তদন্ত ঘোষণা কৰি যিসকল গেৰুৱা কৰ্মী আৰু জীৱিকা সখীয়ে এনে বৈষম্য কৰিছে সেইসকলক শাস্তি বিহা, নাৰ্য প্ৰাপ্য অধিকাৰ লাভ কৰা সকলো মহিলাক প্ৰশিক্ষণ প্ৰদান কৰা আদি দাবী উত্থাপন কৰি ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাসলৈ প্ৰেৰণ কৰে।