/asomiyapratidin/media/media_files/2025/04/26/hh7uukiYAjHokwiJu0Xp.jpg)
ডিজিটেল ডেস্কঃ ভাৰতৰ ভু স্বৰ্গ কাশ্মীৰৰ পেহেলগ্ৰামত যোৱা ২২ এপ্ৰিলত পাকিস্তান সমৰ্থিত উগ্ৰপন্থীৰ নৃশংস আক্ৰমণত নিহত ২৮ গৰাকী দেশী বিদেশী পৰ্যটকৰ আত্মাৰ সদগতিৰ বাবে ২৮ গচি বন্তি প্ৰজ্বলনৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন জনাই, কঠীয়াতলী প্ৰেছ ক্লাব, কঠীয়াতলী আঞ্চলিক তিৱা ছাত্ৰ সন্থা, কঠীয়াতলী তিৱা সাহিত্য সভা, কঠীয়াতলী আঞ্চলিক স্বৰ্ণ শাখা সাহিত্য সভা, কঠীয়াতলী বজাৰ কমিটী, কঠীয়াতলী আৰক্ষী পহৰা চকীৰ লগতে বিভিন্ন দল সংগঠনে তীব্ৰ ভাষাৰে সকলোৱে নিন্দা কৰে আৰু মৃতক সকলৰ আত্মাৰ সদগতি কামনা কৰে।