/asomiyapratidin/media/media_files/2025/02/22/QZTsEXiwE9tu341u4KpE.jpg)
ডিজিটেল সংবাদ, কামপুৰঃ নগাঁৱৰ কচুৱাত সংঘটিত হৈছে মানৱ সমাজক লজ্জিত কৰা জঘন্য ঘটনা। কচুৱাৰ এখন পথাৰৰ মাজত সংঘটিত কৰিলে এই জঘন্য ঘটনা । এগৰাকী নাবালিকা কিশোৰীক বিবাহিত লম্পটে প্ৰথমে প্ৰেমৰ জালত পেলাই নিশা পথাৰৰ মাজত নি ধৰ্ষণ কাণ্ড সংঘটিত কৰাৰ অভিযোগ।
ঘটনা সংঘটিত কৰি কিশোৰী গৰাকীক গুৱাহাটীলৈ লৈ যোৱাৰ কথা কৈ কামপুৰ ৰেল ষ্টেচনত পেলাই থৈ পলায়ন কৰে লম্পট আহমদ আলিয়ে। নাবালিকা কিশোৰী গৰাকীৰ স্বীকাৰোক্তি আৰু এজাহাৰৰ ভিত্তিত কচুৱাৰ অ'চি জাহ্নৱ হাজৰিকাৰ কোইক এক্সন।
লম্পট তথা বিবাহিত প্ৰেমিক আহমদ আলিক গাওঁৰক্ষী বাহিনীৰ সহযোগত নিশাই গ্ৰেপ্তাৰ কৰে কচুৱা আৰক্ষীয়ে। বৰ্তমানে কচুৱা আৰক্ষীয়ে ঘটনাটোৰ আৰম্ভ কৰিছে জোৰদাৰ তদন্ত।
ইফালে এই ধৰ্ষণৰ ঘটনাত বিবাহিত লম্পট আহমদ আলিয়ে কৰা বুলি কিশোৰী গৰাকীয়ে এজাহাৰ আৰু স্বীকাৰোক্তি দিছে যদিও জোবাইৰ আৰু ৰিজোৱানে ধৰ্ষণ নকৰি সহযোগ কৰাৰ অভিযোগ তুলিছে ভুক্তভোগীৰ লগতে পৰিয়ালৰ লোকে।