/asomiyapratidin/media/media_files/2025/08/04/kosua-4-2025-08-04-19-51-24.jpg)
ডিজিটেল সংবাদ কামপুৰঃ আজি নগাওঁ জিলাৰ পাখীমৰীয়া উন্নয়ন খণ্ডৰ জুৰিপাৰ নিউ পঞ্চায়তৰ অস্থায়ী কাৰ্যলয় নিৰ্মাণক কেন্দ্ৰ কৰি উত্তেজনাৰ সৃষ্টি হয়। উল্লেখ্য যে ৰহা সমষ্টিৰ অন্তৰ্গত নতুনকৈ গঠন হোৱা এই পঞ্চায়তখনৰ কোনো কাৰ্যলয়ৰগৃহ নথকাৰহেতু পঞ্চায়ত সভানেত্ৰী ৰুনা লাইলাই নিজৰ বাসগৃহতে অস্থায়ীভাৱে পঞ্চায়তখনৰ কাৰ্যলয় নিৰ্মাণ কৰি লৈছিল।
এই আস্থায়ী কাৰ্যলয়টো বিধায়ক শশী কান্ত দাসৰ উপস্থিতিত তিনিদিন আগতে মুকলি কৰাৰ পিছত এক বিৰ্তকৰ সূত্ৰপাত হৈছিল।কাৰ্যলয়টো পঞ্চায়ত সভানেত্ৰীৰ ঘৰত অস্থায়ীভাৱে নিৰ্মাণ কৰাত একাংশ পঞ্চায়ত সদস্যকে ধৰি জিলা পৰিষদৰ সদস্য আব্দুল জব্বাৰ আৰু স্থানীয় কিছু লোকে আপত্তি কৰে।
আজি সমগ্ৰ বিষয়টো তদন্তুৰ বাবে উন্নয়ন খণ্ডৰ বিষয়াগৰাকীৰ লগতে পাখীমৰীয়া উন্নয়ন খণ্ডৰ সভানেত্ৰী,মাধৱপাৰা জিলা পৰিষদৰ সদস্য আব্দুল জব্বাৰ উপস্থিত হয়।কিন্ত জিলা পৰিষদৰ সদস্যগৰাকীৰ লগতে একাংশ ৱাৰ্ড সদস্যই পঞ্চায়ত কাৰ্যলয় সভানেত্ৰীৰ ঘৰত নিৰ্মাণ কৰাৰ বিষয়টোৰ বিৰোধিতা কৰাত সভানেত্ৰী ৰুনা লাইলাকে ধৰি আন একাংশই এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি কৰে।
জানিব পৰা মতে হুলস্থুলীয়া পৰিবেশৰ মাজতে উন্নয়ন খণ্ডৰ বিষয়াগৰাকীয়ে সেই স্থান ত্যাগ কৰে যদিও মাধপাৰা জিলাপৰিষদৰ সদস্য আব্দুল জব্বাৰকো জবাহদিহি কৰে উত্তেজিত ৰাইজে।