শিৱসাগৰৰ হাঁহচৰাত পৰম্পৰাগত কড়ি খেলৰ আয়োজন

শিৱসাগৰ হাঁহচৰাৰ লংকাক গোহাঁইগাঁৱত পৰম্পৰাগত কড়ি খেলৰ মাজত আপোন পাহৰা হৈছে গাঁওখনৰ প্ৰতিগৰাকী ব্যক্তি। গাওঁখনৰ আবাল-বৃদ্ধ-বনিতা সকলো ব্যস্ত এই পৰম্পৰাগত কড়ি খেলত। অসমীয়া লোকে পৰম্পৰাগতভাৱে বহাগ বিহুৰ সময়ত এই কড়ি খেল খেলি আহিছে৷

author-image
Asomiya Pratidin
New Update
পৰম্পৰাগত কড়ি খেল

পৰম্পৰাগত কড়ি খেল

ডিজিটেল সংবাদ, শিৱসাগৰ: শিৱসাগৰ হাঁহচৰাৰ লংকাক গোহাঁইগাঁৱত পৰম্পৰাগত কড়ি খেলৰ মাজত আপোন পাহৰা হৈছে গাঁওখনৰ প্ৰতিগৰাকী ব্যক্তি। গাওঁখনৰ আবাল-বৃদ্ধ-বনিতা সকলো ব্যস্ত এই পৰম্পৰাগত কড়ি খেলত। অসমীয়া লোকে পৰম্পৰাগতভাৱে বহাগ বিহুৰ সময়ত এই কড়ি খেল খেলি আহিছে৷ কড়িখেল হৈছে একক বা দলীয়ভাৱে দুজনৰ পৰা দহজনলৈকে খেলিব পৰা একপ্ৰকাৰৰ প্ৰতিযোগিতামূলক খেল। এইখেলত পুৰুষ-মহিলা উভয়ে অংশগ্ৰহণ কৰিব পাৰে।

কড়িখেলত যদি কোনো পুৰুষৰ কড়ি ফুটে তেন্তে সেই পুৰুষৰ ভাগ্যোদয় হয় আৰু জিকিলে অবিবাহিতজনৰ বিবাহৰ যোগ মিলে বুলি অসমীয়া সমাজত লোকবিশ্বাস আছে। পূৰ্বতে এই কড়ি খেল ঘৰৰ ভিতৰৰ কেঁচা মাটিত খেলা হৈছিল যদিও কালক্ৰমত পকী ঘৰ-দুৱাৰ হোৱাৰ বাবে এই কড়ি খেল কেঁচা মাটিৰ সলনি বিভিন্ন সুবিধা হোৱাকৈ খেলি আহিছে৷ বৰ্তমানৰ উঠি অহা প্ৰজন্মক কড়ি খেল চিনাকি কৰাই দিয়াৰ উদ্দেশ্য আগত ৰাখি হাঁহচৰা লংকাক গোহাঁই গাঁওবাসীয়ে আজিয়ো জীয়াই ৰাখিছে এই হেৰাই যাব ধৰা পৰম্পৰাগত খেলবিধ৷   

শিৱসাগৰ কড়ি খেল