অসম কন্যা কমল বিদ্যাৰ মিচেছ ইণ্ডিয়া ২০২৫ত ৰূপৰ শিতানত খিতাপ দখল

অসম তথা অসমবাসীৰ বাবে ভাল খবৰ। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলি উঠিছে অসম কন্যা কমল বৈদ্য। পুনেত অনুষ্ঠিত হোৱা মিচেছ ইণ্ডিয়া ২০২৫ত ৰূপৰ শিতানত তেওঁ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-07-08 at 10.15.19 PM

ডিজিটেল ডেস্ক : অসম তথা অসমবাসীৰ বাবে ভাল খবৰ। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলি উঠিছে অসম কন্যা কমল বৈদ্য। পুনেত অনুষ্ঠিত হোৱা মিচেছ ইণ্ডিয়া ২০২৫ত ৰূপৰ শিতানত তেওঁ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে।

Advertisment

উল্লেখ্য যে, ২৯ জুন ২০২৫ত পুনেত অনুষ্ঠিত হৈছিল প্ৰতিযোগিতাৰ গ্ৰেণ্ড ফিনালে। এই প্ৰতিযোগিতাত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। অৱশ্যে এই প্ৰতিযোগিতাত বিভিন্ন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিলেও প্ৰতিযোগিতাত শেষ হাঁহি মাৰিবলৈ সক্ষম হয় কমল বৈদ্য। 

এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, ঋষিৰাজ বৰপূজাৰীৰ পত্নী কমল বৈদ্য পেছাগতভাৱে এগৰাকী স্থপতিবিদৰ লগতে ইভেণ্ট মেনেজমেণ্টৰ সৈতেও জড়িত। তেওঁ ইয়াৰ যোগেদি দেশৰ বিভিন্ন প্ৰান্তত নিজৰ কৰ্ম দক্ষতা প্ৰতিফলিত কৰিবলৈ সক্ষম হৈছে।

মিচেছ ইণ্ডিয়াৰ খিতাপ দখলৰ পাছত বিজয়ৰ মুকুট পৰিধান কৰি তেওঁ কয় যে, এই প্ৰতিযোগিতা আছিল মোৰ বাবে নিজক চিনি পোৱাৰ এক মূহুৰ্ত। ইয়াৰ বাবে মই নিজকে সাজু কৰি তুলিছিলো। এই ক্ষণ মই কেতিয়াও নেপাহৰো। তাৰোপৰি তেওঁৰ গুৰু অঞ্জনা আৰু কাৰ্লক বিশেষভাৱে উৎসাহ যোগোৱা বাবে কৃতজ্ঞতা জ্ঞাপন কৰে

আনহাতে পত্নীৰ এই সুমধুৰ ক্ষণৰ সাক্ষী হ’বলৈ পাই স্বামী ঋষিৰাজ বৰপূজাৰীও আনন্দ প্ৰকাশ কৰে। ইণ্টেৰিয়ৰ ডিজাইনৰ অভিজ্ঞতা থকা কমলা বৈদ্য বৰ্তমান এটা হোম ডেকোৰ ই-কমাৰ্চ ব্ৰেণ্ডৰ মুৰব্বী।

মুম্বাই