কলংপৰীয়া আলোচনা চক্ৰৰ দ্বি-বাৰ্ষিক অধিবেশনত মঞ্জু লস্কৰক কলংপৰীয়া সাহিত্য বঁটা প্ৰদান

কলংপৰীয়া আলোচনা চক্ৰৰ দ্বি -বাৰ্ষিক অধিবেশনখনি আজি নগাঁও জিলা সাহিত্য সভাৰ কমলাদেৱী টোডী ভৱনত অনুষ্ঠিত হয়। উল্লেখ যে ১৯৬১ চনৰ আজিৰ দিনটোত কলংপৰীয়া আলোচনা চক্ৰ গঠন হৈছিল।

author-image
Tushar Pratim
New Update
কলংপৰীয়া আলোচনা চক্ৰৰ দ্বি-বাৰ্ষিক অধিবেশনত মঞ্জু লস্কৰক কলংপৰীয়া সাহিত্য বঁটা প্ৰদান

ডিজিটেল সংবাদ, নগাঁও: নগাঁৱৰ  কলংপৰীয়া আলোচনা চক্ৰৰ দ্বি -বাৰ্ষিক অধিবেশনখনি আজি নগাঁও জিলা সাহিত্য সভাৰ কমলাদেৱী টোডী ভৱনত অনুষ্ঠিত হয় । উল্লেখ যে ১৯৬১ চনৰ আজিৰ দিনটোত কলংপৰীয়া আলোচনা চক্ৰ গঠন হৈছিল।

Advertisment

প্ৰায় ৬৪ বছৰীয়া এই অনুষ্ঠানৰ দ্বি -বাৰ্ষিক অধিবেশনৰ মুকলি সভা এক গাম্ভীৰ্যপুৰ্ণ পৰীবেশত অনুষ্ঠিত হয়। বিয়লি এক বজাৰ পৰা অধিবেশনৰ মুকলি সভা - আলোচনা চক্ৰৰ প্ৰাক্তন সভাপতি নৱকান্ত লিগিৰাই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে।

কলংপৰীয়া আলোচনা চক্ৰৰ সভাপতি প্ৰদীপ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত নগাঁও জিলা সাহিত্য সভাৰ সভাপতি তথা শিক্ষাবিদ ড০ শৰৎ বৰকটকীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট লেখিকা ড০ মঞ্জু লস্কৰৰ 'কবিতা বিভা ' নামৰ গ্ৰন্থখন উন্মোচন কৰে। নিজৰ ভাষণত ড০ বৰকটকীয়ে কয় যে, এই গ্ৰন্থখন কেৱল এখন সমালোচনাৰ সংকলন নহয়। লেখিকাৰ এইয়া এক কাব্যিক চিন্তাৰ সৈতে কবিতাৰ সমালোচনাৰ গভীৰলৈ এক আকৰ্ষণীয় যাত্ৰা।

কলংপৰীয়া আলোচনা চক্ৰৰ দ্বি-বাৰ্ষিক অধিবেশনত মঞ্জু লস্কৰক কলংপৰীয়া সাহিত্য বঁটা প্ৰদান

কলংপৰীয়া আলোচনা চক্ৰৰ ৬৪ বছৰীয়া বৰ্ণিল যাত্ৰাৰ প্ৰশংসা কৰি ড০ বৰকটকীয়ে কয়, ডিজিটেল শব্দই ছপা মাধ্যমৰ শব্দক ঢাকি ধৰিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে। তেওঁ লগতে কয় যে, প্ৰযুক্তিয়ে সাহিত্য তত্ব নিৰূপন কৰিলে সাহিত্যৰ ৰূপ বেলেগ হৈ পৰিব। সাহিত্যিক সকলে ইয়াক প্ৰতিহত কৰিব লাগিব।

ভাষণ প্ৰসঙ্গত ড০ বৰকটকীয়ে অসমীয়া ভাষাৰ পাঠক বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বিশিষ্ট কবি, সাহিত্যিক পৰাণ কুমাৰ বৰুৱাই নিৰ্দিষ্ট বক্তাৰ ভাষণত "উত্তৰ আধুনিক সাহিত্যত  কবিতাৰ প্ৰাসঙ্গিকতা " শীৰ্ষক বক্তৃতা প্ৰদান কৰি কবিতাৰ ক্ৰম বিকাশৰ কথা উল্লেখ কৰে। তেওঁ লগতে কবিতাৰ বিভিন্ন দিশ আৰু সমকালীন সাহিত্যৰ বিষয় বিশ্লেষণ কৰি এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে।

সভাত কলংপৰীয়া আলোচনা চক্ৰৰ  মুখপত্ৰ "কলংজ্যোতি ' উন্মোচন কৰে ৰামানুজন জুনিয়ৰ কলেজৰ অধ্যক্ষ দিলীপ বৰাই। সাংবাদিক মিণ্টু দাসে সম্পাদনা কৰা এই মুখপত্ৰ প্ৰকাশত প্ৰয়াত সাহিত্যিক অকণমাই দেৱীৰ পৰিয়ালে সহযোগিতা আগবঢ়াইছে।

প্ৰয়াত কবি - শিক্ষক ৰাতুল শৰ্মাৰ সোঁৱৰণত  প্ৰকাশ কৰা শ্ৰদ্ধাৰ্ঘ গ্ৰন্থ 'সোৱৰণীৰ এখিলা পাত' উন্মোচন কৰে চক্ৰৰ প্ৰাক্তন সভাপতি নৱকান্ত লিগিৰাই। এই গ্ৰন্থখন সম্পাদনা কৰিছে লেখক ময়ুৰ কুমাৰ বৰাই।

সভাত কলংপৰীয়া আলোচনা চক্ৰৰ সাহিত্য পাঠৰ শ্ৰেষ্ঠ কবি  বিজন পাটৰ ,শ্ৰেষ্ঠ গল্পকাৰ চৈয়দা চিৰিণ বেগমক আৰু সাধনা বটা কমল চন্দ্ৰ শৰ্মাক প্ৰদান কৰা হয়। সভাতেই বিশিষ্ট লেখিকা ,অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড০ মঞ্জু লস্কৰক কলংপৰীয়া সাহিত্য বঁটা প্ৰদান কৰা হয়।

বঁটাত আছে গামোচা ,চেলেং জাপি, স্মাৰক ,সম্বৰ্ধনা পত্ৰ আদি। মঞ্চৰ সম্পাদক বিচিত্ৰ নাৰায়ণ বৰাই উদ্দেশ্য ব্যাখ্যা কৰা আৰু আঁতধৰা সভাত গল্পকাৰ উৎপল বৰা , সাহিত্যিক দুলাল দাস ,অধ্যাপিকা ড০ অমিয়া পাটৰ সহ শতাধিক কবি - সাহিত্যিকে অংশগ্ৰহণ কৰে।

নগাওঁ