/asomiyapratidin/media/media_files/2025/02/16/NiX7kXSnhpotzStzNghM.jpg)
ৰহা
ডিজিটেল সংবাদ, ৰহাঃ বানগ্ৰস্ত ৰহাত কলঙৰ এটা নতুন মথাউৰি নিৰ্মাণক লৈ বিতৰ্ক। কলঙৰ পাৰৰ ৰাইজে মথাউৰিটো নিৰ্মাণৰ বাবে বিনামূল্যে নিজৰ পট্টা মাটি এৰি দিয়াৰ বিপৰীতে একাংশই মথাউৰিটো নিৰ্মাণ নকৰিবলৈ ঠিকাদাৰক হুংকাৰ দিয়াৰ অভিযোগ। উল্লেখ্য যে ৰহাৰ পুৰণা চাৰিআলিৰ পৰা মৰিগাঁৱৰ তেলাহীলৈকে কলঙৰ দক্ষিণপাৰে কোনো মথাউৰি নাছিল।
শেহতীয়াকৈ তেলাহীৰ পৰা ৰহাৰ দুবৰিতলীলৈ মথাউৰি নিৰ্মাণ কৰা হৈছে। কিন্তু দুবৰিতলীৰ পৰা ৰহা চহৰলৈ মথাউৰি নথকাত সততে বানৰ কৱলত পৰে বৃহৎ অঞ্চল। আনকি বানত ডুব যায় ৰহা মহাবিদ্যালয়, মীন মহাবিদ্যালয়কে ধৰি বহু অনুষ্ঠান-প্ৰতিষ্ঠান তথা চৰকাৰী কাৰ্যালয়ো। শেহতীয়াকৈ ৰাইজৰ আবেদন নিবেদনৰ পিচত চৰকাৰে দুবৰিতলী আাদৰ্শগাঁৱৰ পৰা ৰহা পুৰণা চাৰিআলি সমীপলৈকে কলঙৰ দক্ষিনপাৰৰ মথাউৰি নিৰ্মাণৰ বাবে চৰকাৰে অনুমোদন দিয়ে।
সেইমতে ঠিকাদাৰে মথাউৰি নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। কিন্তু শেহতীয়াকৈ একাংশ লোকে এই মথাউৰি নিৰ্মাণ নকৰিবলৈ ঠিকাদাৰক হুংকাৰ দিয়া বুলি অভিযোগ উঠিছে। কলঙৰ দক্ষিনপাৰে মথাউৰি নিৰ্মাণ হ'লে উত্তৰপাৰৰ ৰাইজ বিপদত পৰিব বুলি অৰ্থহীন যুক্তি দি মথাউৰি নিৰ্মাণৰ কাম বন্ধ কৰিবলৈ ঠিকাদাৰক হুংকাৰ দিয়া বুলি অভিযোগ উঠিছে।
ফলত ক্ষোভিত হৈ পৰিছে ৰহাৰ গড়মাৰী, দীঘলীআটি অঞ্চলৰ ৰাইজ। প্ৰতি বছৰে বানত বিধ্বস্থ হৈ আহিছে কলঙৰ দক্ষিনপাৰৰ ৰাইজ। সেয়ে নিজৰ মাটি বিনামূল্যে দি মথাউৰি নিৰ্মাণৰ সুবিধা দিছে। তেনে ক্ষেত্ৰত মথাউৰি নিৰ্মাণত বিধি পঠালি নিদিবলৈ সকলোকে সকীয়াই দিছে বানাগ্ৰস্থ ৰাইজে।