কলং-কপিলী শাখা কবি সন্মিলনৰ ব'হাগী বৰণ: ৮খন গ্ৰন্থ উন্মোচন

সাহিত্যিক- শিল্পী লক্ষেশ্বৰ ডেকা, নাট্যশিল্পী তিখেশ্বৰ ডেকা, জ্যেষ্ঠ বায়ন অৰ্জুন ডেকা, শিক্ষয়িত্ৰী- লেখিকা বিনু কুমাৰী ডেকা, সমাজকৰ্মী জগন্নাথ ভাগৱতী, বহুভাষিক কবি ৰাজুমনি শইকীয়াক নিজ নিজ বাসগৃহলৈ গৈ গামোচা, প্ৰশস্তি পত্ৰ আৰু গ্ৰন্থৰে ব'হাগী বৰণ কৰে।

author-image
Asomiya Pratidin
New Update
vvv

ডিজিটেল সংবাদ,জাগীৰোড:  সমাজ -জীৱনলৈ উল্লেখনীয় অৱদান আগবঢ়োৱা ব্যক্তিসকলক সন্মান জনোৱাৰ উদ্দেশ্যে পহিলা ব'হাগত সদৌ অসম কবি সন্মিলনে ব'হাগী বৰণ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। জাগী ভকতগাঁও অঞ্চলতো মৰিগাঁও জিলা কবি সন্মিলনৰ অন্তৰ্ভুক্ত কলং-কপিলী শাখা কবি সন্মিলনে অঞ্চলৰ ৬ গৰাকী বিশিষ্ট ব্যক্তিক ব'হাগী বৰণ কৰে।

Advertisment

সাহিত্যিক- শিল্পী লক্ষেশ্বৰ ডেকা, নাট্যশিল্পী তিখেশ্বৰ ডেকা, জ্যেষ্ঠ বায়ন অৰ্জুন ডেকা, শিক্ষয়িত্ৰী- লেখিকা বিনু কুমাৰী ডেকা, সমাজকৰ্মী জগন্নাথ ভাগৱতী, বহুভাষিক কবি ৰাজুমনি শইকীয়াক নিজ নিজ বাসগৃহলৈ গৈ গামোচা, প্ৰশস্তি পত্ৰ আৰু গ্ৰন্থৰে ব'হাগী বৰণ কৰে।

 উল্লেখযোগ্য যে, ব'হাগী বৰণৰ পিছতেই বহুভাষিক কবি ৰাজুমনি শইকীয়াৰ বাসগৃহত ৮ খনকৈ গ্ৰন্থ উন্মোচন কৰা হয়। কবিগৰাকীৰ জাগীস্থিত বাসগৃহত মৰিগাঁও জিলা কবি সন্মিলনৰ সভাপতি অনিৰুদ্ধ ডেকাই তুমি যাক ভালপোৱা তেওঁ মই নহয়, মৰিগাঁও জিলা কবি সন্মিলনৰ সম্পাদক ৰাজীৱ চহৰীয়াই য'তেই বাঁহী বাজে ওচৰতে বৈ থাকে এখন নদী উন্মোচন কৰে।

লগতে মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক লক্ষেশ্বৰ ডেকাই পাৰ হৈ আহিলোঁ ধুমুহাৰ ইচ্ছা, জ্যেষ্ঠ সাংবাদিক উৎপল শৰ্মাই জীৱনৰ শেষ এঘণ্টা,কলং- কপিলী শাখা কবি সন্মিলনৰ সভাপতি ৰণ্টুমণি শইকীয়াই শিলত গজা গছ, সাংস্কৃতিক কৰ্মী প্ৰশান্ত খাউণ্ডে বাগিচা বগাই ফুৰা চৰাইজনী,জাগী ভকতগাঁও শাখা সাহিত্য সভাৰ প্ৰাক্তন উপ- সভাপতি নিকুঞ্জ মোহন শৰ্মাই শুকান পাতবোৰ উৰিলে বতাহে মোক প্ৰশ্ন কৰে, জাগী ভকতগাঁও শাখা সাহিত্য সভাৰ সহকাৰী সম্পাদক জ্যোতিৰ্ময় গোস্বামীয়ে বুকুতকৈ বিধ্বস্ত চহৰ মই ক'তো দেখা নাই উন্মোচন কৰে।

গ্ৰন্থ উন্মোচনী কাৰ্যসূচীত মৰিগাঁও জিলা কবি সন্মিলনৰ পত্ৰিকা সম্পাদক জয়ন্ত সাগৰ শইকীয়া, কলং-কপিলী শাখা কবি সন্মিলনৰ সম্পাদক অবিনাশ মহন্ত,জাগী ভকতগাঁও শাখা সাহিত্য সভাৰ সম্পাদক হিমু বৰা, সাহিত্যসেৱী এধান বৰা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ লগতে কবি ৰাজুমনি শইকীয়াৰ মাতৃ, পত্নীসহ পৰিয়াল উপস্থিত থাকে।

গ্ৰন্থ উন্মোচন