/asomiyapratidin/media/media_files/2025/08/20/1-2025-08-20-22-59-17.jpg)
ডিজিটেল ডেস্কঃ দেশৰ প্ৰথমখন মেট্ৰ’ কলকাতাত চলিছিল। প্ৰায় চাৰি দশকৰ পাছত ২২ আগষ্টত প্ৰধানমন্ত্ৰীনৰেন্দ্ৰ মোডীয়েপশ্চিমবংগৰ ৰাজধানী কলকাতাক নতুন গতি প্ৰদান কৰিব। কলকাতাত ১৩.৬১ কিলোমিটাৰ দৈৰ্ঘ্যৰ নতুন মেট্ৰ’ নেটৱৰ্ক উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে।
য’ত আছে নোআপাৰা-জয় হিন্দ বিমানবন্দৰ, ছিলডাহ-এছপ্লেনেড আৰু বেলঘাটা-হেমন্ত মুখোপাধ্যায় পথ। ইয়াৰ ফলত যাত্ৰাৰ সময় বহু পৰিমাণে হ্ৰাস পাব। উদাহৰণস্বৰূপে, ছিলদাৰ পৰা এছপ্লেনেডলৈ যাত্ৰা ৪০ মিনিটৰ পৰা মাত্ৰ ১১ মিনিটতে সম্পূৰ্ণ হ’ব।
এই লাইনসমূহ খোলাৰ পাছত দৈনিক ৯ লাখৰো অধিক যাত্ৰী যাত্ৰা কৰিব পাৰিব। ইয়াৰ উপৰিও প্ৰায় ১২০০ কোটি টকা ব্যয় সাপেক্ষে ৭.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৬ লেন উচ্চ ক’না এক্সপ্ৰেছৱেৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে।
এই প্ৰকল্পৰ জৰিয়তে হাওৰা, গ্ৰামাঞ্চল আৰু কলকাতালৈ উন্নত সংযোগ প্ৰদান কৰা হ’ব, যাৰ ফলত ব্যৱসায়, পৰ্যটন আৰু যাতায়তৰ ক্ষেত্ৰত বৃহৎ উন্নতি হ’ব। বিহাৰত প্ৰকল্প আৰম্ভ কৰি বংগত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোডী।
কলকাতা মেট্ৰ’ নেটৱৰ্কৰ উদ্বোধনী কাৰ্যসূচীৰ বাবেৰাজ্যৰ মুখ্যমন্ত্ৰীমমতা বেনাৰ্জীকোআমন্ত্ৰণ জনাইছে যদিও উক্ত অনুষ্ঠানত বংগৰ মুখ্যমন্ত্ৰী গৰাকী উপস্থিত থকাৰ সম্ভাৱনা কম।
উল্লেখ্য যে, বৰ্তমান হাওৰা আৰু ছিলদাহৰ দৰে দুটা ডাঙৰ ৰেল টাৰ্মিনেলৰ মাজত যাবলৈ পথেৰে ৪০-৪৫ মিনিট সময় লাগে। এতিয়া এই যাত্ৰা মাত্ৰ ১১ মিনিটত মেট্ৰ’ৰে সম্পূৰ্ণ হ’ব। এই সময় ৰাহি কৰাটো দৈনিক লাখ লাখ যাত্ৰীৰ বাবে আশীৰ্বাদতকৈ কম নহয়।