/asomiyapratidin/media/media_files/2025/02/13/DJolf08eHjcy1D3re9KF.jpg)
কলকাতা Photograph: (কলকাতা)
ডিজিটেল ডেস্কঃ কলকতাৰ পুনৰ সংঘটিত হৈছে এক জঘণ্য ঘটনা। এগৰাকী ১৪বছৰীয়া নাবালিকাক অৰণ্য লৈ নি প্ৰথমে হত্যা আৰু তাৰপাছত মৃতদেহৰ সৈতে বলাৎকাৰৰ দৰে ঘটনা সংঘটিত হৈছে। কলকাতাৰ নিউ টাউনত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এই ঘটনা।
প্ৰাপ্ত খবৰ অনুসৰি, ১৪বছৰীয়া নাবালিকাক প্ৰথমে হত্যা কৰি মৃতদেহৰ সৈতে ধৰ্ষণ কৰা লোকজন পেছাত এগৰাকী ইৰিক্সা চালক। প্ৰথমে নাবালিকাগৰাকীক ডিঙি চেপি হত্যা কৰাৰ পাছতে এই জঘণ্য ঘটনা সংঘটিত কৰে মানুহৰ নৰপিশাচটোৱে।
এই ঘটনাতো সংঘটিত হৈছিল যোৱা শুকুৰবাৰে। ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰিছে নাবালিকাগৰাকীৰ মৃতদেহ। অষ্টম শ্ৰেণীত অধ্যয়নৰত আছিল নাবালিকাগৰাকী। মৃতদেহ উদ্ধাৰ কৰাৰ পাছতে আৰক্ষীয়ে এয়া স্বাভাৱিক হত্যাকাণ্ড বুলি ভাৱিছিল যদিও তদন্তত পোহৰলৈ আহে ভয়ংকৰ তথ্য।
আৰক্ষীয়ে চি চি টিভিৰ ফুটেজৰ পৰা চিনাক্ত কৰে ই ৰিক্সাচালক সুমিত্ৰ ৰায়ক। প্ৰথমে নাবালিকাগৰাকীক ই ৰিক্সাত তুলি এখন অৰণ্যলৈ লৈ গৈছিল সুমিত্ৰই। প্ৰায় ৩ঘন্টা ধৰি ই ৰিক্সাত ঘূৰাই লৈ ফুৰিছিল নাবালিকাগৰাকীক। তাৰ পিছতে অৰণ্যলৈ নি ডিঙিত ৰচী লগাই হত্যা কৰে নাবালিকাগৰাকীক। আৰক্ষীৰ সোধপোচত এই সকলোবোৰ কথা স্বীকাৰ কৰিছে অপৰাধী ই ৰিক্সাচালকগৰাকীয়ে।
আৰক্ষীৰ আগত সদৰি কৰা মতে, প্ৰথমে হত্যাৰ কথা ভৱা নাছিল সুমিত্ৰই। কিন্তু নাবালিকাগৰাকীয়ে ছিঞৰ-বাখৰ কৰাত হত্যা কৰিবলৈ বাধ্য হয় সুমিত্ৰই। মৃতদেহৰ সৈতে ধৰ্ষণ কৰাৰ পাছত এখন প্লাষ্টিকেৰে মৃতদেহ বান্ধি নলাত পেলাই দিছিল সুমিত্ৰই।
আৰক্ষীয়ে সদৰি কৰিছে যে, এই জঘণ্য কাণ্ড সংঘটিত কৰি ঘৰলৈ আহি শুই আছিল অপৰাধী সুমিত্ৰ। ইফালে তদন্ত পোহৰলৈ আহিছে যে, সুমিত্ৰৰ অত্যাচাৰৰ বাবেই কিছুদিনৰ পূৰ্বে আত্মহত্যা কৰিছিল তেওঁৰ প্ৰথমা পত্নীয়ে।