/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/a10abef8-d924-4d80-a4bc-8265f5f8a1e7/bhupen_haz.jpg)
সুধাকণ্ঠলৈ কলিয়াবৰ প্ৰেছ ক্লাবৰ শ্ৰদ্ধাঞ্জলি
ডিজিটেল সংবাদ,কলিয়াবৰঃ কলিয়াবৰ প্ৰেছ ক্লাৱৰ উদ্যোগত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ একাদশ মৃত্যু দিৱস উপলক্ষে ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰে। ৰূপালী জয়ন্তী বৰ্ষ গৰকা কলিয়াবৰ প্ৰেছ ক্লাৱে সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰে সশ্ৰদ্ধ স্মৰণ জনাই বিশ্ব বৰেণ্য শিল্পী গৰাকীক।
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা অৰ্ধ শতাধিক প্ৰতিযোগীয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে। কলিয়াবৰ হাটবৰ কেন্দ্ৰীয় নাট্য সমাজৰ মঞ্চত অনুষ্ঠিত হোৱা উক্ত প্ৰতিযোগিতাত বিচাৰক হিচাবে উপস্থিত থাকে সুধাকণ্ঠৰ সৈতে ১৬ টা বৰ্ষ তবলা বজোৱা সূৰ্য গোস্বামী আৰু বিশিষ্ট সংগীত শিল্পী মৃণালকান্তি মেধিৰ লগতে বিবলি ভাগৱতী আৰু ৰশ্মিৰেখা কলিতা।
প্ৰসিদ্ধ গীতিকাৰ, সুৰকাৰ, সংগীতজ্ঞৰ লগতে এগৰাকী সাংবাদিক হিচাপে সুধাকণ্ঠক স্মৰণ কৰে কলিয়াবৰ প্ৰেছ ক্লাবে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/532ec4e8-31a8-4f44-b238-46875dde99cb/bhupen_hazarika.jpg)