/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/b6843849-a790-49dd-97d9-2a961b047cd7/koliya.jpg)
Kaliyabar
ডিজিটেল সংবাদ,কলিয়াবৰঃ পুথিভঁৰাল আন্দোলনক শক্তিশালী কৰাৰ লক্ষ্যৰে গঠন হোৱা সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাই বৃহস্পতিবাৰৰ পৰা আৰম্ভ কৰিছে সাংগঠনিক আৰু সজাগতা অভিযান। বৃহস্পতিবাৰে সন্থাৰ সভাপতি প্ৰতাপ হাজৰিকা আৰু প্ৰধান সম্পাদক বল্লদেৱ শৰ্মাৰ নেতৃত্বত সন্থাৰ এটা প্ৰতিনিধি দল কলিয়াবৰত উপস্থিত হৈ পুথিভঁৰাল আন্দোলনক অধিক গতিশীল কৰাৰ লক্ষ্যৰে এই অভিযান আৰম্ভ কৰে।
লগতে সন্থাৰ অন্তৰ্গত জিলা আৰু মহকুমা সমিতি সমূহৰ সাংগঠনিক দিশ শক্তিশালী কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰি মত বিনিময় কৰে । আজিৰ এই অভিযানত সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক খগেন নাথ, সাংস্কৃতিক সম্পাদিকা অণিমা শৰ্মা বৰুৱা, সদস্য বেণুধৰ নাথ, কলিয়াবৰ মহকুমা পুথিভঁৰাল সন্থাৰ সভাপতি প্ৰদীপ বৰুৱা আদিয়ে অংশ গ্ৰহণ কৰে। ইয়াৰ পিছতে প্ৰতিনিধি দলটোৱে উজনি অসমৰ বিভিন্ন জিলালৈ যাত্ৰা কৰে।