/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/4e850d2c-4b58-4d19-9f96-d816475ae718/dumper.jpg)
accident
ডিজিটেল সংবাদ,কলিয়াবৰঃ কলিয়াবৰ মহকুমা শিলঘাট ৰে’লগেটৰ সমীপত বৃহস্পতিবাৰে দুপৰীয়া প্ৰায় ১২ বজাত ডাম্পাৰৰ খুন্দাত এজন চাইকেল আৰোহী নিহত হয় ৷ নিহত জনৰ শিলঘাট কেন্দুপামৰ কাৰ্তিক মুঢ়া (২৮) বুলি চিনাক্ত কৰা হৈছে ।
জানিব পৰা মতে শিলঘাট-জখলাবন্ধা পথত চাইকেল আৰোহী জন আহি থকাৰ পথত এ এছ ০১ জি চি ৭৬১৭ নম্বৰৰ বিপৰীতমুখী ডাম্পাৰখনে খুন্দা মৰাৰ ফলতে শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয় ৷ পিছত দ্ৰুতবেগী ডাম্পাৰ খন ৰাইজে জখলাবন্ধাত জব্দ কৰিবলৈ সক্ষম হয়।