কলিয়াবৰলৈ ৰাওনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

ডেৰ লক্ষাধিক লোকৰ সমাগম হ'ব প্ৰধানমন্ত্ৰীৰ সভাত।ইপিনে প্ৰধানমন্ত্ৰীগৰাকীক ওচৰৰ পৰা স্ব-চক্ষে প্ৰধানমন্ত্ৰীগৰাকীক চাবলৈ উপস্থিত হৈছে ৰাইজ। উজনি-নামনিৰ পৰা আহিছে বহু লোক। 

author-image
Asomiya Pratidin
New Update
new ap web 1 (45)

ডিজিটেল ডেস্কঃ  কলিয়াবৰৰ মৌচন্দা পথাৰত উখল-মাখল পৰিৱেশ। কলিয়াবৰলৈ ৰাওনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। কলিয়াবৰৰ মৌচন্দা পথাৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে সম্বোধন কৰিব বিশাল জনসভা। ডেৰ লক্ষাধিক লোকৰ সমাগম হ'ব প্ৰধানমন্ত্ৰীৰ সভাত।ইপিনে প্ৰধানমন্ত্ৰীগৰাকীক ওচৰৰ পৰা স্ব-চক্ষে প্ৰধানমন্ত্ৰীগৰাকীক চাবলৈ উপস্থিত হৈছে ৰাইজ। উজনি-নামনিৰ পৰা আহিছে বহু লোক। 

উল্লেখ্য যে, প্ৰধানমন্ত্ৰীগৰাকীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ হ’বলগীয়া প্ৰায় ৩৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড কৰিড’ৰ প্ৰকল্পৰ ভূমি পূজন কৰিব । প্ৰায় ৬,৯৫৭ কোটি টকাৰ এই প্ৰকল্পটোৱে কাজিৰঙাৰ বন্যপ্ৰাণীৰ বাবে এক সুৰক্ষিত ক’ৰিডৰ নিশ্চিত কৰিব। লগতে যোগাযোগ ব্যৱস্থাক অধিক গতিশীল কৰি তোলাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি অসমবাসীক উপহাৰ দিব দুখনকৈ ‘অমৃত ভাৰত এক্সপ্ৰেছ’। অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত এই ৰে'লে উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে দেশৰ অন্যান্য প্ৰান্তৰ সংযোগ ব্যৱস্থা অধিক সুচল আৰু আৰামদায়ক কৰি তুলিব। 

প্ৰণিধানযোগ্য যে, তিনিচুকীয়া জাগুণৰ বিকাশ শৰ্মাই পেলনীয়া প্লাষ্টিকেৰে নিৰ্মাণ কৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল প্ৰতিচ্ছবি নিৰ্মাণ কৰি উপস্থিত হৈছে কলিয়াবৰৰ মৌচন্দা পথাৰত। ৯দিনৰ পাৰিশ্ৰমৰ অন্তত নিৰ্মাণ কৰিলে এই তিনিখনকৈ ছবি। ইপিনে প্ৰধানমন্ত্ৰীগৰাকীক হাতত অৰ্পণ কৰিবলৈ আহিছে যুৱকজন। পৰিৱেশ সংৰক্ষণৰ বাৰ্তা প্ৰেৰণ চেষ্টা কৰিয়েই এই পেলনীয়া সামগ্ৰীৰে নিৰ্মাণ কৰিলে।

কলিয়াবৰ