কলিয়াবৰত চাঞ্চল্যঃ চোৰাং গৰু সৰবৰাহ চক্ৰৰ পৰা ধন লৈ আৰক্ষীৰ জালত খোদ গৃহৰক্ষী জোৱান...

author-image
Asomiya Pratidin
New Update
কলিয়াবৰত চাঞ্চল্যঃ চোৰাং গৰু সৰবৰাহ চক্ৰৰ পৰা ধন লৈ আৰক্ষীৰ জালত খোদ গৃহৰক্ষী জোৱান...

koliabor

ডিজিটেল সংবাদ কলিয়াবৰঃ চোৰাং গৰু সৰবৰাহ চক্ৰৰ পৰা ধন লৈ এইবাৰ আৰক্ষীৰ জালত পৰিল খোদ আৰক্ষী থানাৰে গৃহৰক্ষী জোৱান। কলিয়াবৰত সংঘটিত হৈছে এই চাঞ্চল্যৰ ঘটনা।

Advertisment

জানিব পৰা মতে যোৱা ১ অক্টোবৰত ইয়াৰ চামগুৰিত ৩৪ টা চোৰাং গৰু ভৰ্তি এখন নৈশ বাছ জব্দ কৰিবলৈ সক্ষম হৈছিল আৰক্ষী বাহিনী। পাছত এই ঘটনাৰ লগত জড়িত অভিযুক্ত আখতাৰা বেগম নামৰ চামগুৰি অঞ্চলৰ এগৰাকী মহিলাক আৰক্ষীয়ে আটক কৰিছিল যদিও মহিলা গৰাকী আঠমহীয়া অন্তঃসত্বাৰ বাবে আৰক্ষীয়ে অভিযুক্ত মহিলাগৰাকীক প্ৰয়োজনীয় চিকিৎসাজনিত কাৰণত মুকলি কৰি দিয়া হৈছিল।

এই মুকলি কৰি দিয়াৰ কাৰণতে মহিলাগৰাকীৰ সম্বন্ধীয় চামছূল হক নামৰ এজন লোকে ধনৰ লেনদেন কৰি আৰক্ষী লোককো সেই ধনৰ ভাগ দিয়া বুলি উঠা অভিযোগৰ ভিত্তিত কালি চামগুৰি আৰক্ষীয়ে কলিয়াবৰ আৰক্ষী থানাৰ মকবুল হুছেইন নামৰ এজন গৃহৰক্ষী জোৱানক নগদ ৬৫ হাজাৰ টকাসহ আটক কৰে। উল্লেখ্য যে, কিছু দিন পূৰ্বেও নগাঁও আৰক্ষীৰ জালত পৰিছিল দুজনকৈ আৰক্ষী জোৱান।

ইফালে অসাধু চক্ৰটোৱে কলিয়াবৰ মহকুমাৰ এগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়াকো উৎকোচ প্ৰদানৰো অভিযোগ উঠিছে। এক সূত্ৰই প্ৰকাশ কৰা মতে অভিযুক্ত আখতাৰ বেগমক মোকলাই দিবৰ বাবে আখতাৰৰ স্বামী জামালুদ্দিনে ধৃত গৃহৰক্ষী জোৱানজনক প্ৰদান কৰিছিল উৎকোচ।

প্ৰকৃততে এই ঘটনাৰ লগত কোন জড়িত আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব । এতিয়া কথা হ'ল এজন অভিযুক্তক আৰক্ষী থানাৰ পৰা মোকলাই অনাৰ সুবাদতে এজন গৃহৰক্ষী জোৱানে বৃহৎ পৰিমাণৰ ধন ল'বলৈ সাহস কৰিবনে?

নে ইয়াৰ আঁৰত কোনো উচ্চপদস্থ আৰক্ষী বিষয়া জড়িত আছে নেকি বুলি প্ৰশ্ন কৰিছে কলিয়াবৰীয়া সচেতন ৰাইজে। ইফালে আজি চামগুৰি আৰক্ষী থানাত মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাসে এক সংবাদমেলৰ আয়োজন কৰি উক্ত ঘটনাৰ তদন্তৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কথা সদৰি কৰে। বৰ্তমান অভিযুক্ত মকবুল হুছেইনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

koliabor Assam police