/asomiyapratidin/media/media_files/2025/07/09/koliabor-9-2025-07-09-22-38-04.jpg)
ডিজিটেল সংবাদ,কলিয়াবৰঃ মধ্য অসম তথা কলিয়াবৰবাসীৰ বাবে এটি ইতিবাচক খবৰ কঢ়িয়াই আনিছে কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ে ৷ এতিয়াৰে পৰা কলিয়াবৰ তথা মধ্য অসমৰ বিভিন্ন প্ৰান্তৰ ভুক্তভোগী ৰাইজে ডায়েলাইচিছ সেৱাৰ বাবে নগাঁও,তেজপুৰ অথবা গুৱাহাটীলৈ ঢপলিয়াই যন্ত্ৰণা ভোগ কৰিব নালাগে ৷
কিয়নো বুধবাৰৰ পৰা কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ৰোগীৰ বাবে উপলব্ধ হ'ল বিনামূলীয়া ডায়েলাইচিছ সেৱা। প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলাইচিছ আঁচনিৰ অধীনত কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত বুধবাৰে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই শুভ উদ্বোধন কৰে এটা ডায়েলাইচিছ কেন্দ্ৰ।
বৃহত্তৰ কলিয়াবৰৰ ডায়েলাইচিছ ৰোগীসকলৰ এই দীৰ্ঘদিনীয়া সমস্যা এতিয়াৰে পৰা জখলাবন্ধাস্থিত কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত উপলব্ধ হোৱাত ৰোগীসকল উপকৃত হ'ব। দেশৰ ভিতৰতে আগশাৰীৰ চিকিৎসালয় এপল' চিকিৎসালয়ৰ সৈতে অসম চৰকাৰে কৰা চুক্তি মতে ৰাজ্যৰ স্বাস্থ্য খণ্ডত ডায়লাইচিছ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে বুলি মন্ত্ৰী কেশৱ মহন্তই জানিব দিয়ে।
দৈনিক তিনিটা ভাগত মুঠ ১২ গৰাকী ৰোগীয়ে সম্পূৰ্ণ বিনামূলীয়াকৈ এই ডায়লেচিছ সেৱা সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব বুলি মন্ত্ৰী কেশৱ মহন্তই জানিব দিয়ে। আজিৰ এই অনুষ্ঠানত কলিয়াবৰ সমজিলা আয়ুক্ত ৰাজ বৰুৱা, নগাওঁ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ তপন কুমাৰ শইকীয়া, ডাঃ জয়দ্বীপ কাকতিসহ স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰী আৰু কলিয়াবৰ সম জিলাৰ প্ৰশাসনিক বিষয়াসকল উপস্থিত থাকে।