ঝাৰখণ্ডত ছহিদ হোৱা সুসন্তান প্ৰাণেশ্বৰ কোঁচৰ ৰাষ্ট্ৰীয় মৰ্যদাৰে শেষকৃত সম্পন্ন

ঝাৰখণ্ডত নক্সাল উগ্ৰপন্থীৰ বিৰুদ্ধে তুমুল যুঁজ দি ছহিদ হোৱা কোকৰাঝাৰ মাগুৰমাৰীৰ ৰাভাপাৰাৰ প্ৰাণেশ্বৰ কোচৰ নশ্বৰ দেহ আজি দুপৰীয়া প্ৰায় এক বজাত স্বগৃহত আহি উপস্থিত হয়।

author-image
Asomiya Pratidin
New Update
ঝাৰখণ্ডত ছহিদ হোৱা সুসন্তান প্ৰাণেশ্বৰ কোঁচৰ ৰাষ্ট্ৰীয় মৰ্যদাৰে শেষকৃত সম্পন্ন

ডিজিটেল সংবাদ কোকৰাঝাৰঃ ঝাৰখণ্ডত নক্সাল উগ্ৰপন্থীৰ বিৰুদ্ধে তুমুল যুঁজ দি ছহিদ হোৱা কোকৰাঝাৰ মাগুৰমাৰীৰ ৰাভাপাৰাৰ প্ৰাণেশ্বৰ কোচৰ নশ্বৰ দেহ আজি দুপৰীয়া একমান বজাত স্বগৃহত আহি উপস্থিত হয়। ছহিদৰ নশ্বৰদেহ স্বগৃহলৈ আহি পোৱাৰ পিছতে পৰিয়ালত কান্দোনৰ ৰোল উঠে। 

Advertisment

ইয়াৰ পিছতে ছহিদ পৰিয়ালে পৰম্পৰাগত ৰীতি-নীতিৰে মৃতকক অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তাৰপিছতে চি আৰ পিএফ বাহিনীয়ে ছহিদ প্ৰাণেশ্বৰ কোঁচৰ কফিন বেণ্ড পাৰ্টি আৰু সামৰিক কুচকাৱাজেৰে ঘৰৰ পৰা প্ৰায় এক কিলোমিটাৰ পথ সমদল কৰি মাগুৰমাৰি ৰাজহুৱা পথাৰলৈ লৈ যায়। 

উক্ত স্থানত সামৰিক মৰ্যাদাৰে ছহিদ প্ৰাণেশ্বৰ কোচক শেষ বিদায় জনায় চি আৰ পি এফ বাহিনীৰ উচ্চপদস্থ বিষয়াবৰ্গই। ছহিদৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি ২৪ জাঁই টোপধ্বনি দিয়াও হয়। 

উক্ত স্থানত ছহিদৰ মাতৃ ববিতা ৰাভা, পত্নী সাৱিত্ৰী বসুমতাৰীৰ লগতে তেওঁলোকৰ পাঁচ বছৰীয়া পুত্ৰ সন্তানে অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰোপৰি কোকৰাঝাৰ পূৱ বিধানসভা সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰী, কোকৰাঝাৰ জিলাৰ আয়ুক্ত মাচান্দা মেগডীল পাৰ্টিন, কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিং, বিটিচিৰ সচিব প্ৰধান আকাশদ্বীপৰ লগতে চি আৰ পি এফৰ উচ্চ পদস্থ বিষয়াবৰ্গ,  প্ৰাক্তন মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম, বিপিএপ দলৰ জ্যেষ্ঠ নেতা দেৰহাছৎ বসুমতাৰী প্ৰমুখ্যে বিভিন্ন দল সংগঠনৰ নেতৃত্বই ছহিদ প্ৰাণেশ্বৰ কোঁচক অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। 

ছহিদ পত্নী সাৱিত্ৰী বসুমতাৰীয়ে শেষ চ্যেলুট প্ৰদান কৰাৰ পিছতে ছহিদ প্ৰাণেশ্বৰ কোচৰ চিতাত তিনি ভাতৃয়ে একেলগে মুখাগ্নি কৰে৷ তদুপৰি ছহিদ বীৰ জোৱান প্ৰাণেশ্বৰ কোচ অমৰ হওঁক, অমৰ ৰহে, ভাৰত মাতা কী জয় আদি জয়ধ্বনিৰে ছহিদ জোৱানগৰাকীক শেষ বিদায় দিয়াও পৰিলক্ষিত হয়৷ 

উল্লেখ্য যে কোকৰাঝাৰ চহৰৰ সমীপৱৰ্তী মাগুৰমাৰী ৰাভাপাৰা নিৱাসী বীৰেশ্বৰ কোঁচ আৰু ববিতা কোঁচৰ সুসন্তান তথা বীৰ জোৱান প্ৰাণেশ্বৰ কোঁচ(৩৩) বুধবাৰে এক নক্সাল বিৰোধী অভিযানত ছহিদ হৈছিল। যোৱা তিনি বছৰে ঝাৰখণ্ডত নক্সালবিৰোধী অভিযানত জড়িত হৈ থকা চিআৰপিএফৰ ২০৯ নং কোব্ৰা বেটেলিয়নৰ জোৱান প্ৰাণেশ্বৰ কোঁচ আন সতীৰ্থসকলৰ সতে নিশা নক্সালপন্থীৰ অভিযানলৈ যায় আৰু মাওঁবাদীৰে হোৱা প্ৰচণ্ড গুলীয়াগুলী সংঘটিত হয়। 

উক্ত সংঘৰ্ষত কোকৰাঝাৰৰ বীৰ জোৱান প্ৰাণেশ্বৰ কোঁচ প্ৰচণ্ড সাহসিকতাৰে যুঁজি থকাৰ সময়ত তেওঁৰ ভৰিত গুলী লাগে আৰু আহত হয়। তৎসত্বেও তেওঁৰ গুলীত দুটাকৈ নক্সাল সদস্য নিহত হয় বুলি জানিব পৰা গৈছে। কোকৰাঝাৰৰ সুসন্তান প্ৰাণেশ্বৰ কোঁচক অন্তিম শ্ৰদ্ধাঞ্জলি জনাবলৈ বহুসংখ্যক লোক গোট খায় আৰু চকুপানী টুকি টুকি শেষ বিদায় জনায় ছহিদ প্ৰাণেশ্বৰ কোঁচক। 

ইপিনে ছহিদ প্ৰাণেশ্বৰ কোঁচৰ পিতৃয়ে কয় যে, সি আমাৰ পৰিয়ালৰ প্ৰথম সন্তানেই নহয় একমাত্ৰ উপাৰ্জনকাৰী আছিল। মই আজি শোকত বলিয়া হ'ব লাগিছিল কিন্তু মই ভাঙি পৰা নাই। কাৰণ আজি মোৰ ল’ৰাই দেশৰ কাৰনে আত্মবলিদান দি নিজৰ লগতে আমাক গৌৰাৱাম্বিত কৰি তুলিছে৷ 

তেওঁ কয়- ১০ টা ল’ৰা, ছোৱালীৰ ভিতৰত প্ৰাণেশ্বৰে আছিল ডাঙৰ আৰু একমাত্ৰ উপাৰ্জনকাৰী৷ পাঁচটা ল’ৰা আৰু পাঁচজনী ছোৱালীৰ ভিতৰত ইতিমধ্যে দুজনী ছোৱালীৰ বিয়া হৈছে৷ তিনিজনী ঘৰতে আছে আৰু আন ল’ৰা চাৰিটাৰ দুজনে পঢ়ি আছে দুজনে হাজিৰা কৰে৷ 

এনেকৈ কোনোমতে ঘৰখন চলি আছিল। যোৱা ৩০ জুনত ল’ৰাৰ সতে ফোনত কথা বতৰা হৈছিল। সিদিনা ফোনত খেতিৰ বাবে ট্ৰেক্টৰ কিনিবৰ বাবে কিছু টকা বিচাৰিছিল তাৰ উত্তৰত প্ৰাণেশ্বৰে কৈছিল যে এতিয়া জংঘলত আছে ভালকৈ নেটৱৰ্ক নাপায়, কেম্পত ঘূৰি গৈ ভালদৰে কথা পাতিম। 

সেইদিনাই পুত্ৰৰ সতে অন্তিম কথা-বতৰা হৈছিল৷ মাকেও সিদিনাই পুত্ৰৰ লগত কথা পাতিছিল৷ নেটৱৰ্ক বেয়া আছিল কাৰনে বাৰে বাৰে ফোনটো কাটি গৈছিল৷ আমি সদায় ল’ৰাৰ ফোনৰ আশাতে বাটচাই থাকিলোঁ যদিও তাৰ মাত আৰু আমি নুশুনিলো৷ 

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই ফোন যোগে খবৰ লোৱাৰ উপৰিও পঞ্চাছ লাখ টকা প্ৰদান কৰা হ'ব আৰু পৰিয়ালত এটা চাকৰিৰ প্ৰতিশ্ৰুতি দিছে বুলি ছহিদ পিতৃ বীৰেশ্বৰ কোঁচে সদৰি কৰিছে। 

ইপিনে বিধায়ক লৰেন্স ইছলাৰীয়ে ছহিদ প্ৰাণেশ্বৰ কোঁচক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে, দেশৰ নিৰাপত্তাৰ হ’কে যুঁজি আত্ম বলিদান দিয়া অমৰ ছহিদ প্ৰাণেশ্বৰ কোঁচে অঞ্চলটোকে গৌৰাৱাম্বিত কৰি তুলিছে।বিটিআৰ প্ৰধান প্ৰমোদ বড়োই ছহিদ প্ৰাণেশ্বৰ কোঁচৰ এটা প্ৰতিমূৰ্তি আৰু আদ্যশ্ৰাদ্ধৰ বাবে এক লাখ টকাৰ অনুদান দিয়াৰ কথা ঘোষণা কৰা বুলি জানিবলৈ দিছে বিধায়ক লৰেন্স ইছলাৰীয়ে৷

কোকৰাঝাৰ ঝাৰখণ্ড চি আৰ পি এফ