/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/f56e7ed4-f6e5-4785-a8d8-2495b6ed84d3/7.jpg)
ডিজিটেল সংবাদ,কোকৰাঝাৰ: কোকৰাঝাৰত পুণৰ চিলনী চোৰৰ সন্ত্ৰাস।এইবাৰ ৪ জনীয়া চিলনী চোৰৰ দলে লুটিলে ২ লাখ ৩০ হাজাৰ টকা।সামাজিক বনানিকৰণ বিভাগৰ ৰেঞ্জাৰ নৰেশ বসুমতাৰীয়ে সোমবাৰে ইউকো বেংকৰ পৰা ২ লাখ ৩০ হাজাৰ টকা উলিয়াই টকাৰ বেগখন গাড়ীৰ পিছৰ ছিটত ৰাখে।
সেই সময়তে চিলনী চোৰে কেইখনমান নোট ৰাস্তাত পেলাই বন বিভাগৰ কৰ্মচাৰী নৰেশ বসুমতাৰীক প্ৰলোভিত কৰে।চিলনী চোৰে তেওঁৰ টকা পথত পৰা বুলি কোৱাত নৰেশ বসুমতাৰীয়ে টকা তুলিবলৈ তলপিনে হাউলি দিয়ে।
বসুমতাৰীয়ে টকাকেইখন তুলি ল'ব বিচাৰোতেই চিলনী চোৰে আনটো ফালৰ পৰা স্কৰপিঅ' গাড়ীৰ দৰজা খুলি টকাৰ বেগ লৈ পলায়ন কৰে। ঘটনাস্থলীতইতিমধ্যে আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। উল্লেখ্য যে কিছুদিন পূৰ্বে চিলনী চোৰে কোকৰাঝাৰৰ পৰা ৩৪ লাখ টকা লুটি নিছিল।
Also Read: নগাঁৱত পাঁচ দিনিয়াকৈ অনুষ্ঠিত হ'ব আন্তঃ জিলা মুকলি দবা প্ৰতিযোগিতা