/asomiyapratidin/media/media_files/2025/07/01/kokrajhar-1-2025-07-01-16-33-32.jpg)
ডিজিটেল সংবাদ কোকৰাঝাৰঃ ৰাজ্যৰ বিভিন্ন স্থানত আজি নিষিদ্ধ মাংসৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যাপক অভিযান চলাইছে। ইয়াৰ অংশস্বৰূপে কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম, জয়পুৰ আৰু কোকৰাঝাৰ সদৰ চহৰৰ মছজিদ পথৰ চাৰিখন হোটেলত আৰক্ষীয়ে অভিযান চলাই নিষিদ্ধ মাংস জব্দ কৰে।
কোকৰাঝাৰ মছজিদৰ গাতে লাগি থকা মছজিদ পথৰ চাৰিখন হোটেল ক্ৰমে মুছলিম হোটেল, দাদাজী হোটেল, আলিফ হোটেল আৰু আমিৰ ভাই হোটেলত আৰক্ষীয়ে অভিযান চলাই প্ৰায় ১০ কেজি নিষিদ্ধ মাংস জব্দ কৰে। কোকৰাঝাৰ সদৰ থানাৰ পৰা মাথো কেইফাৰ্লংমান দূৰত অৱস্থিত হোটেলকেইখনত বহুদিনৰ পৰাই অবাধে নিষিদ্ধ মাংস বিক্ৰী কৰি থকাৰ অভিযোগ উত্থাপিত হৈ আহিছিল।