/asomiyapratidin/media/media_files/2025/05/16/wGzpjjbCkEsiqzutTI88.jpg)
কোকৰাঝাৰ আৰক্ষীৰ অভিযান
ডিজিটেল সংবাদ, কোকৰাঝাৰ : কোকৰাঝাৰ জিলাৰ বিভিন্ন প্ৰান্তত সন্ত্ৰাসৰ সৃষ্টি কৰা চিলনী চোৰৰ এটা বৃহৎ গেঙক অৱশেষত কোকৰাঝাৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে । চিলনী চোৰৰ লগতে আন দুৰ্ষ্কাৰ্যমূলক ঘটনাৰ সতে জড়িত থকাৰ অভিযোগত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা আৰক্ষীয়ে আটক কৰে সন্দেহযুক্ত চোৰকেইটাক।
আটকাধীন চোৰকেইটা ক্ৰমে বিহাৰৰ অমিত কুমাৰ যাদৱ(৩৫) আৰু ৰাহুল কুমাৰ যাদৱ(৪০)। একেদৰে পশ্চিমবংগৰ ক্ৰমে জিতু গোৱালা(৫০), ৰোহিত গোৱালা(৩০), কুবেৰ গোৱালা(৩০), দীপক সিং(৫৫), মুন্না গোৱালা(৫৫), শৰ্মা গোৱালা(৫৫), অজয় গোৱালা(৪৮), ছনী গোৱালা(২৫) আৰু ৰূপ লাল সিং(৫৫) ।
উল্লেখ্য যে, বৃহস্পতিবাৰে কোকৰাঝাৰ এছ বি আইৰ কোৰ্টপাৰা শাখাৰ সন্মুখৰ পৰাই চিলনী চোৰে বলেৰো বাহনৰ খিৰিকী ভাঙি দুই লাখ টকা লুট কৰিছিল। টকাখিনিৰ গৰাকী তথা ঠিকাদাৰ বাৰান্দা বসুমতাৰীয়ে বেংকৰ পৰা টকা উলিয়াই বেগটো গাড়ীত থৈ ফটোষ্টেট কৰিবলৈ যাওঁতেই দুৰ্ষ্কৃতিকাৰীয়ে দিন দুপৰতে বলেৰো গাড়ীৰ গ্লাছ ভাঙি দুই লাখ টকা লুট কৰিছিল।
ঘটনা সন্দৰ্ভত কালিয়েই বাৰান্দা বসুমতাৰীয়ে কোকৰাঝাৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছিল । উক্ত ঘটনাৰ পিছতে কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পৃথ্বিৰাজ ৰাজখোৱাৰ নেতৃত্বত গোটেই নিশা অভিযান চলাই জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা ১১ টাকৈ চোৰক আটক কৰে।
কোকৰাঝাৰত সন্ত্ৰাসৰ সৃষ্টি কৰা চিলনী চোৰকেইটাক কোকৰাঝাৰ আৰক্ষীয়ে ২৪ ঘণ্টাৰ ভিতৰতে আটক কৰাত সন্তোষ প্ৰকাশ কৰিছে সচেতন নাগৰিকে । তদুপৰি বিহাৰ আৰু পশ্চিমবংগৰ চিলনী চোৰৰ বৃহৎ গেং উৎখাত কৰাটো কোকৰাঝাৰ আৰক্ষীৰ বাবে বৃহৎ সফলতা বুলি বিবেচিত হৈছে । বৰ্তমান অধিক তথ্যৰ অধিক তথ্যৰ সন্ধানত আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে।