কোকৰাঝাৰত বাজেট অধিৱেশনঃ পুৱা ৫বজাতে বাছেৰে দিছপুৰৰ পৰা ৰাওঁনা মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী-বিধায়কসকল...

স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে দিছপুৰৰ বাহিৰত অনুষ্ঠিত হব বাজেট অধিৱেশন। ইয়াৰ বাবে ইতিমধ্যে প্ৰায় সকলো প্ৰস্তুতি সম্পন্ন হৈছে।২০২৫-২৬ বৰ্ষৰ বাজেট অধিৱেশনৰ বাবে সাজু  কোকৰাঝাৰৰ বি টি চি সচিবালয়।

author-image
Asomiya Pratidin
New Update
বাজেট অধিৱেশন

বাজেট অধিৱেশন Photograph: (বাজেট অধিৱেশন)

ডিজিটেল ডেস্কঃ স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে দিছপুৰৰ বাহিৰত অনুষ্ঠিত হব বাজেট অধিৱেশন। ইয়াৰ বাবে ইতিমধ্যে প্ৰায় সকলো প্ৰস্তুতি সম্পন্ন হৈছে।২০২৫-২৬ বৰ্ষৰ বাজেট অধিৱেশনৰ বাবে সাজু  কোকৰাঝাৰৰ বি টি চি সচিবালয়।

Advertisment

আজিৰ আৰম্ভণিৰ দিনটো ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হ'ব । মন্ত্ৰী, বিধায়ক, বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত ভিৰ বাঢ়িব কোকৰাঝাৰত । অৱশ্যে ভি আই পিৰ ভিৰ বাঢ়িলেও কোৰাঝাৰত বিলাসী গাড়ীৰ ভিৰ বৃদ্ধি নাপায় । কাৰণ মুখ্যমন্ত্ৰী, বিধানসভাৰ অধ্যক্ষৰ পৰা আৰম্ভ কৰি বিধায়কলৈকে জনপ্ৰতিনিধিসকলে ব্যৱহাৰ কৰা বিলাসী গাড়ীৰে কোকৰাঝাৰলৈ যাত্ৰা কৰাৰ পৰিৱৰ্তে তেওঁলোক আৰামদায়ক, বিলাসী, চার্টার্ড বাছৰহে যাত্ৰী হ'ব । সোমবাৰে পুৱা ৫বজাতে কোকৰাঝাৰলৈ বুলি ৰাওনা হৈছে মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী-বিধায়কসকল। 

পূৰ্বৰ পুৱা ৯.৩০ বজাৰ পৰিৱৰ্তে এইবাৰ বিধানসভাৰ প্ৰথম দিনটোৰ কাৰ্যসূচী দিনৰ ১২ বজাৰ পৰা আৰম্ভ হ'ব । অৱশ্যে অধিৱেশনৰ পৰৱৰ্তী দিনকেইটা দিছপুৰ বিধানসভা সচিবালয়তে আগৰ সময় অনুসৰিয়ে অনুষ্ঠিত হ'ব । কালি ৰাতিয়েই কোকৰাঝাৰত উপস্থিত হৈছে ৰাজ্যপাল আৰু বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী।

মুখ্যমন্ত্ৰী আৰু বিধায়কসকল পুৱাৰ আহাৰ গ্ৰহণ কৰি বিটিচি বিধান পৰিষদীয় ভৱনত দিনৰ ১১ বজাত উপস্থিত হোৱাৰ সম্ভাৱনা আছে । এই অধিবেশন উপলক্ষে বিধান পৰিষদীয় ভৱনত ১২৬ খন আসন সাজু কৰা হৈছে । 

বিটিচিৰ কাৰ্যবাহী সদস্য তথা সদস্যসকলে গেলাৰীৰ বাওঁফালৰ আসনত বহি অধিৱেশনৰ কাৰ্যক্ৰমণিকা চাব পাৰিব । আনহাতে সাংবাদিক সকলৰ বাবে গেলাৰীৰ সোঁফালৰ আসনৰ ব্যৱস্থা কৰা হৈছে । অধিৱেশনৰ কাৰ্যসূচী উপভোগ কৰিবলৈ বিভিন্ন দল-সংগঠনৰ নেতৃত্বকো আমন্ত্ৰণ জনোৱা হৈছে । 

কোকৰাঝাৰ