![কোকৰাঝাৰত চিলনী চোৰে থপিয়াই নিলে ৩৪লাখ টকা, উদ্ধাৰ ২০লাখ...](https://img-cdn.thepublive.com/fit-in/1280x960/filters:format(webp)/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/cceef768-29e5-41dc-9d02-09ca472ab36e/1d36c4ab_e50d_48c4_be5c_1fdf94f57598.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰত চিলনী চোৰৰ সন্ত্ৰাসত থাকিব নোৱাৰা হৈছে ৰাইজ। শেহতীয়াকৈ চিলনী চোৰে কাঢ়ি নিয়া ৩৪ লাখ টকাৰ ভিতৰত ২০ লাখ টকা উদ্ধাৰ কৰিছে আৰক্ষীয়ে। ঘটনাৰ সতে জড়িত চাৰি চিলনীচোৰক আটক কৰিলে কোকৰাঝাৰ আৰক্ষীয়ে ।
উক্ত ঘটনাৰ সতে ভেণ্ডৰৰ কৰ্মচাৰী জড়িত আছিল বুলি প্ৰকাশ আৰক্ষীৰ । উল্লেখ্য যে যোৱা ২৫ জুনত এলআইচিয়ে গ্ৰাহকৰ সংগ্ৰহিত ধন ৩৪ লাখ টকা এক্সিছ বেংকত জমা দিব আহিছিল । গাড়ীৰ পৰা নামি টকাৰ বেগ লৈ এক্সিছ বেংকলৈ যাওঁতেই মটৰচাইকেলত অহা দুই দুৰ্ষ্কৃতিকাৰীয়ে ভেণ্ডৰৰ কৰ্মচাৰীৰ পৰা থাপ মাৰি লৈ গৈছিল ৩৪ লাখ টকাৰ বেগ ।
এক্সিছ বেংকৰ প্ৰায় সন্মুখৰ পৰাই টকাৰ বেগ কাঢ়ি উধাও হোৱা ঘটনাত সন্দেহৰ সৃষ্টি হৈছিল । আৰক্ষীয়ে টকা কঢ়িয়াই নিয়া গাড়ীৰ চালক আৰু ভেণ্ডৰৰ কৰ্মচাৰীক সোধপোছৰ বাবে আটক কৰি জেৰা কৰোতেই বহু তথ্য পোহৰলৈ আহে ।
দুৰ্ষ্কৃতিকাৰীৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখে আৰু অৱশেষত চাৰি দুৰ্ষ্কৃতিকাৰীক আটক কৰাৰ লগতে উদ্ধাৰ কৰে ২০ লাখ টকা । কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষ পৃথ্বীৰাজ ৰাজখোৱাই সদৰি কৰা মতে ঘটনাৰ সতে আৰু কেবাজনো জড়িত আছে
তদন্তৰ স্বাৰ্থত আৰক্ষীয়ে আটকাধীন চাৰিজনৰ নাম প্ৰকাশ কৰা নাই । বাকী দুৰ্ষ্কৃতিকাৰী কেইটাৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে বুলি কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষ পৃথ্বীৰাজ ৰাজখোৱাই সদৰি কৰিছে ।