/asomiyapratidin/media/media_files/2025/03/23/mOjSvOfQRPsMJ1Qphklp.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰৰ চান্দামাৰীৰ বডোফা সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ পূৰ্বাঞ্চলীয় সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত আৰু বিটিআৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত যোৱা ২০ আৰু ২১ মাৰ্চত দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে “অসমৰ লোকনৃত্য আৰু জনজাতীয় কলাৰ উৎসৱ” শীৰ্ষক সন্দৰ্ভত এটি আটকধুনীয়া অনুষ্ঠান সম্পন্ন হয়।
উক্ত কাৰ্যসূচীত মুখ্য অতিথি অসম গৌৰৱ বঁটাৰে বিভূষিত বাৰলাংফা নাৰ্জাৰী, সন্মানীয় অতিথি হিচাপে উপস্থিত আছিল কোকৰাঝাৰ সাংস্কৃতিক কেন্দ্ৰৰ সাংস্কৃতিক উন্নয়ন বিষয়া অনুপ জ্যোতি ডেকা আৰু আমন্ত্ৰিত অতিথি হিচাপে ক্ৰমে অৱসৰপ্ৰাপ্ত সত্ৰীয়া নৃত্য প্ৰশিক্ষক আৰু দেবেশ্বৰ ফুকন আৰু অৱসৰপ্ৰাপ্ত বড়ো নৃত্য প্ৰশিক্ষক গোলক বড়ো।হিচাপে উপস্থিত আছিল।
ইপিনে উক্ত কাৰ্যসূচী আনুষ্ঠানিকভাৱে বন্তি প্ৰজ্বলেনেৰে শুভ উদ্বোধন কৰি মুখ্য অতিথি অসম গৌৰৱ বাৰলাংফা নাৰ্জাৰীয়ে নিজ ভাষণত কয় যে কলা আৰু সংস্কৃতিৰ আদান-প্ৰদানে এটা অঞ্চল তথা বিশ্বজুৰি শান্তি, ঐক্য আৰু ভাতৃত্ববোধৰ পৰিৱেশ সৃষ্টি কৰে । উল্লেখ্য যে উক্ত কাৰ্যসূচীত বিভিন্ন জনজাতীয় সম্প্ৰদায়ৰ বৈচিত্ৰময় কলা -কৃষ্টি- সংস্কৃতি প্ৰদৰ্শন কৰা হয় আৰু উক্ত কাৰ্যসূচীত উপস্থিত থকা অগণন দৰ্শকে জনজাতীয় সম্প্ৰদায়ৰ বৈচিত্ৰময় কলা -কৃষ্টি- সংস্কৃতি প্ৰত্যক্ষ কৰি মুগ্ধ হৈ পৰে ।