ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰত পোণ প্ৰথমবাৰৰ বাবে উত্তেজিত জনতাই ছটাকৈ গৰুচোৰৰ বাসগৃহ জ্বলাই দিয়াৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। গৰু চোৰ কৰি নিজৰ অঞ্চল আৰু জাতিক বদনাম কৰাৰ বাবেই দুৰামাৰী অঞ্চলৰ সংখ্যালঘু গঞা ৰাইজে উমৈহতীয়া সিদ্ধান্ত লৈ আজি গৰুচোৰৰ সতে জড়িত থকাৰ অভিযোগত ছয়টাকৈ বাসগৃহ জ্বলাই দিয়ে।
কোকৰাঝাৰ জিলাৰ বালাজান উপ আৰক্ষী চকীৰ দুৰামাৰীত সংঘটিত হোৱা উক্ত ঘটনাই এতিয়া ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । আজি সংবাদমাধ্যমৰ আগত স্থানীয় গঞা ৰাইজে অভিযোগ কৰা মতে কোকৰাঝাৰ জিলাৰ দুৰামাৰী অঞ্চলৰ পাঁচটা আৰু হেকাইপাৰা নয়াপাৰাৰ এটা পৰিয়ালৰ বিৰুদ্ধে দীৰ্ঘদিনৰ পৰা গৰু চুৰিৰ অভিযোগ উত্থাপিত হৈ আহিছিল ।
গৰুচুৰি নকৰিবলৈ দীৰ্ঘদিনৰ পৰা স্থানীয় ৰাইজে সঁকিয়নি প্ৰদান কৰি আহিছিল যদিও তেওঁলোকে কেৰেপ কৰা নাছিল । তেওঁলোকে অভিযোগ কৰা মতে এই সন্দৰ্ভত আৰক্ষীকো অৱগত কৰা হৈছিল যদিও আৰক্ষীয়ে গৰুচোৰ কেইটাক ধৰি নি পিছলৈ এৰি দিছিল । এনে এক পৰিস্থিতিৰ মাজতে বিছমুৰী এলেকাৰ বড়োগাঁৱৰ পৰা পুণৰাই গৰু চুৰি কৰি অনাত স্থানীয় ৰাইজ ক্ষুব্ধ হয় । বিছমুৰী আৰক্ষীয়ে গৰুটো উদ্ধাৰ কৰি লৈ যোৱাৰ পিছতে স্থানীয় ৰাইজ গৰুচোৰৰ বিৰুদ্ধে সংঘবদ্ধ হয় আৰু আজি দিনজোৰা গাওঁসভা অনুষ্ঠিত কৰে । গঞা ৰাইজে গাওঁসভালৈ গৰুচোৰ কেইটাক মাতে যদিও তেওঁলোক পলাই পত্ৰং দিয়ে ।
তেওঁলোকৰ অনুপস্থিতিতে স্থানীয় ৰাইজে গাঁওসভা অনুষ্ঠিত কৰি এক সিদ্ধান্ত গ্ৰহণ কৰে আৰু সেইমতে আজি বিয়লি ৪:০০ বজাৰ পৰা গৰুচোৰৰ বাসগৃহকেইটা প্ৰথমে লণ্ডভণ্ড কৰি পিছত বাসগৃহসমুহত জুই লগাই দিয়ে । উত্তেজিত ৰাইজে দুৰামাৰী টাবুৰ চৰ গাঁৱৰ ছাহজাহান আলি সেখ, মইদুল আলি সেখ, ছানোৱাৰ আলি সেখ, আমজাদ আলি সেখ, ছুৰমান আলি সেখ আৰু হেকাইপাৰা নয়াপাৰা গাওঁৰ আসাদ আলী আকন্দৰ ঘৰ জ্বলাই দিয়ে ৷
আৰক্ষীৰ উপস্থিতিতে স্থানীয় ৰাইজে গৰুচোৰ কেইটাৰ বাসগৃহৰ ক্ষতিসাধন কৰি জ্বলাই দিয়ে আৰু আৰক্ষীৰ সতে তৰ্কযুদ্ধতো লিপ্ত হয়। গঞা ৰাইজে এইবুলিও অভিযোগ কৰে যে উল্লেখিত গৰু চোৰকেইটাই বিভিন্ন সময়ত গৰু চোৰ কৰি গাওঁ আৰু সম্প্ৰদায়টোৰ বদনাম কৰি আহিছে আৰু তেওঁলোক বাহিৰলৈ ওলাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি কৰিছে। তেওঁলোকে গৰু চোৰ কৰি ঘৰ -মাটি -গাড়ী কিনিছে আৰু দিনহাজিৰা কৰা লোকসকল আন গাঁৱত কাম কৰিবলৈ গলে সংখ্যালঘু সম্প্ৰদায় গৰুচোৰ বুলি বদনামৰ ভাগি হৈ আহিছে ।
গৰু চোৰ কেইটাৰ বাবেই খাটিখোৱা লোকসকলৰ জীৱন -জীৱিকাত প্ৰভাৱ পৰিছে আৰু সদায়ে অপমানিত হৈ আহিছে বুলিও মন্তব্য কৰে । আইন হাতত তুলি লৈ ঘৰ জ্বলাই দিয়া সত্বেও তেওঁলোক অনুতপ্ত নহয় আৰু এয়া ৰাইজৰ লিখিত আকাৰৰ উমৈহতীয়া সিদ্ধান্ত বুলি মন্তব্য কৰি গৰুচোৰকেইটাৰ কঠোৰ শাস্তিৰ পোষকতা কৰিছে গঞা ৰাইজে।
তদুপৰি কেইটামান সংখ্যালঘু সম্প্ৰদায়ৰ গৰুচোৰৰ বাবেই সমগ্ৰ সংখ্যালঘু সম্প্ৰদায় সদায়ে বদনামৰ ভাগি হৈ থাকিব নোৱাৰে বুলি স্পষ্ট মত প্ৰকাশ কৰি গৰুচোৰক কোনো কাৰণতে প্ৰশ্ৰয় দিয়া নহব বুলি ঘোষণা কৰিছে সংখ্যালঘু সম্প্ৰদায়ৰ বসতিৰে পৰিপূৰ্ণ দুৰামাৰী অঞ্চলৰ ৰাইজে ।
উল্লেখ্য যে দুৰামাৰী অঞ্চলত পৰিস্থিতি বৰ্তমানেও উত্তেজনাপূৰ্ণ আৰু আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ প্ৰচেষ্ঠা কৰি আছে । অঞ্চলটোৰ ৰাইজে আৰক্ষীৰ সন্মুখতে উত্তেজনাপূৰ্ণ শ্লোগান দি পৰিস্থিতি উত্তপ্ত কৰি তোলে আৰু বয়বস্ত জুইৰ লেলিহান শিখালৈ নিক্ষেপ কৰে । বৰ্তমানলৈকে ঘটনা সন্দৰ্ভত কাকো আটক কৰা নাই বুলি সদৰি কৰিছে বালাজান উপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দ্ৰামিকা নেওঁগে ।