বাজেট অধিৱেশনৰ পূৰ্বে কোকৰাঝাৰত কি কামত ব্যস্ত মুখ্যমন্ত্ৰী...

কোকৰাঝাৰৰ বড়োলেণ্ড প্ৰাদেশীয় পৰিষদীয় বিধানসভা ভৱনত অনুষ্ঠিত হ'বলগীয়া বাজেট অধিবেশনৰ পূৰ্বে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ভাৰত -ভূটান সীমান্তবৰ্তী পথ পৰিদৰ্শন কৰে।

author-image
Asomiya Pratidin
New Update
কোকৰাঝাৰ

কোকৰাঝাৰ Photograph: (কোকৰাঝাৰ)

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ  কোকৰাঝাৰৰ বড়োলেণ্ড প্ৰাদেশীয় পৰিষদীয় বিধানসভা ভৱনত অনুষ্ঠিত হ'বলগীয়া বাজেট অধিবেশনৰ পূৰ্বে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ভাৰত -ভূটান সীমান্তবৰ্তী পথ পৰিদৰ্শন কৰে।

Advertisment

তেওঁ সংবাদমাধ্যমৰ আগত কয় যে,  ভূটান সীমান্তলৈ নিৰ্মাণ হ'ব পথ । বিছমুৰী দীঘলীৰ পৰা ভূটান সীমান্তলৈ যোৱা পথ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ । পথ পৰিদৰ্শনৰ অন্তত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয়- অতি শীঘ্ৰেই নিৰ্মান কৰা হ'ব পথৰ কামকাজ । ১৮ মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব পথ নিৰ্মানৰ কাম । প্ৰাৰম্ভিক পৰ্যায়ত ৩৬ কোটি টকা অনুদানেৰে নিৰ্মিত হ'ব পথ ।

বাজেট অধিবেশন সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে কয় যে, কোকৰাঝাৰত অনুষ্ঠিত হোৱা বাজেট অধিবেশনে বিটিআৰ, কাৰ্বি-আংলং আৰু ডিমা হাচাও ষষ্ঠ অনুসূচীক কেনেদৰে শক্তিশালী কৰা যাব তাৰ ওপৰত সদনত আলোচনা কৰা হ'ব।

বাজেট অধিবেশন আৰম্ভ হ’ব ৰাজ্যপাল লক্ষ্মণ আচাৰ্য্যৰ অভিভাষণেৰ । ইয়াৰে পিছতে বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ দুখন প্ৰতিবেদন সদনত দাখিল কৰা হ'ব ৷  বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিয়ে প্ৰতিবেদন ঘোষণা কৰিব৷  বিত্তমন্ত্ৰী অজন্তা নেওগে ২০২৪-২৫ বৰ্ষৰ মঞ্জুৰীৰ পৰিপূৰক দাবী তথা বিনিয়োজন উপস্থাপন কৰিব৷ 

 

হিমন্ত বিশ্ব শৰ্মা