/asomiyapratidin/media/media_files/2025/06/21/hggg-2025-06-21-19-29-39.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰঃ আগন্তুক বিটিচি নিৰ্বাচনত বিপিএফে কাৰো সতে নিৰ্বাচনী মিত্ৰতা নকৰি অকলেই বিটিচি নিৰ্বাচন খেলিব আৰু একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব। ৪০ টা সমষ্টিতে বিপিএফে প্ৰাৰ্থীত্ব দি কমেও ২৫ -২৬ খন আসন লাভ কৰিব। এই মন্তব্য কৰিছে বিপিএফৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে।
আজি বিপিএফৰ দেৱৰগাঁও ব্লক কমিটিৰ উদ্যোগত বনজাৰ হাইস্কুল খেলপথাৰত অনুষ্ঠিত হোৱা বিপিএফৰ এক বিশাল কৰ্মী সভাত হাগ্ৰামা মহিলাৰীয়ে উক্ত মন্তব্য কৰে।বিপিএফৰ মহিলা , যুৱ আৰু ছাত্ৰ সংগঠন বিএচইউক লৈ এই বিশাল কৰ্মী সভা অনুষ্ঠিত হৈছিল আৰু লোকে লোকৰণ্য হোৱা কৰ্মীসভাত মুখ্য অতিথিৰ ভাষণত হাগ্ৰামা মহিলাৰীয়ে বৰ্তমান বিপিএফৰ পজিচন খুব ভাল বুলি মন্তব্য কৰে।
বিপিএফৰ পিছতে বিজেপিৰ পজিচন ভাল বুলি মন্তব্য কৰি সমাগত বিটিচি নিৰ্বাচনত বিজেপিয়ে ১০ -১৫ খন আসন পাব পাৰে বুলি মহিলাৰীয়ে মন্তব্য কৰিছে। শাসকীয় দল ইউপিপিএলৰ অৱস্থা খুউব বেয়া আৰু ভাগ্যক্ৰমে এখন বা দুখন আসন পাব পাৰে বুলি হাগ্ৰামা মহিলাৰীয়ে মন্তব্য কৰি কংগ্ৰেছ বা এআইইউডিএফে শ্ৰীৰামপুৰ আসনখন পোৱাৰ সম্ভাৱনীয়তাৰ কথা ব্যক্ত কৰিছে। সাংবাদিকৰ এক প্ৰশ্নোত্তোৰত বিপিএফে ইচ্ছা কৰিলে কংগ্ৰেছ , অগপ বা বিজেপিৰ লগত মিত্ৰতা কৰিব পাৰিলেহেতেন কিন্তু বিপিএফে সেয়া নকৰে বুলি হাগ্ৰামা মহিলাৰীয়ে স্পষ্ট কৰি দি অকলেই নিৰ্বাচন খেলাৰ কথা পুণৰবাৰৰ বাবে দোহাৰে।
আনহাতে বিপিএফ দলক লৈ বা নিৰ্বাচন সম্পৰ্কীয় কথাক লৈ বিজেপি বা কংগ্ৰেছে কি কয় সেয়া আমাৰ মতলব নাই বুলি মন্তব্য কৰি বিপিএফে অকলে চৰকাৰ গঠন কৰাটো খাটাং বুলি মহিলাৰীয়ে মন্তব্য কৰিছে । আনহাতে খাম্পা বৰগয়াৰী বা চন্দন ব্ৰহ্মক পুণৰাই বিপিএফ দলে দললৈ ঘূৰাই আনিব নেকি বুলি সোধা এক প্ৰশ্নত্তোৰত হাগ্ৰামা মহিলাৰীয়ে কয় যে তেওঁলোক এতিয়া ইউপিপিএল দলত গৈ ফচি আছে আৰু তেওঁলোকক ঘূৰাই অনাৰ প্ৰশ্ন নুঠে বুলি স্পষ্ট কৰি দিয়ে হাগ্ৰামা মহিলাৰীয়ে ।
উল্লেখ্য যে বিপিএফৰ দেৱৰগাঁও ব্লক কমিটিৰ সভাপতি গিলবাৰ্ট বৰগয়াৰীৰ সভাপতিত্বত আজি বনজাৰ হাইস্কুলৰ খেলপথাৰত অনুষ্ঠিত হোৱা বিপিএফৰ কৰ্মীসভাত বিভিন্ন দল -সংগঠনৰ পৰা কেবাগৰাকীয়ে বিপিএফ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে আৰু তেওঁলোকক হাগ্ৰামা মহিলাৰীয়ে আৰনাইৰে আদৰণি জনায়। আজিৰ কৰ্মী সভাত প্ৰাক্তন মন্ত্ৰী তথা বিপিএফৰ উপ সভাপতি প্ৰমিলা ৰাণী ব্ৰহ্মও উপস্থিত আছিল।