/asomiyapratidin/media/media_files/2025/08/01/kkk-2025-08-01-15-05-55.jpg)
ডিজিটেল সংবাদ, পৰ্বতঝোৰাঃ আগন্তক বি টি আৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সকলো ৰাজনৈতিক দলে নিজৰ নিজৰ দলৰ ভেটি মজবুত কৰিবলৈ এতিয়াৰে পৰাই নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে।আজি বি টি আৰৰ কোকৰাঝাৰ জিলাৰ ২ নং গুমা সমষ্টিৰ অন্তৰ্গত কুৰ্শাকাটিত এটি যোগদান সভা অনুষ্ঠিত হয়।
অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী শ্ৰীযুত অশোক সিংঘালৰ উপস্থিতিত বিভিন্ন ৰাজনৈতিক ,অৰাজনৈতিক দলৰ পৰা প্ৰায় সস্ৰাধিক পুৰুষ মহিলাই বি জে পি দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আনুষ্ঠানিক ভাৱে বি জে পি দলত যোগদান কৰে।
আজিৰ যোগদান কাৰ্যসূচীত ৰাইজৰ উপস্থিতিয়ে প্ৰমাণ কৰিছে এই বেলি সমষ্টিটোৰ পৰা বি জে পি দলৰ প্ৰাৰ্থী জয় যুক্ত হোৱাটো নিশ্চিত বুলি দাবী বিজেপিৰ নেতৃত্বই।
আজিৰ যোগদান সভাত কোকৰাঝাৰ জিলা সভাপতি গোঁসাই বসুমতাৰী,ই এম অৰুপ কুমাৰ দে,সজল সিংহ,গুমা মণ্ডলৰ সভানেত্ৰী মিনতি ৰায়সহ দলৰ বহুতো কাৰ্যকৰ্তা উপস্থিত আছিল ।