/asomiyapratidin/media/media_files/2025/02/13/51KyhLFf3rxLWv0GYc7I.jpg)
ডিজিটেল সংবাদ, হাওৰাঘাট: কোকৰাঝাৰ জিলাৰ বন্যাগুৰিত পৰ্বতঝোৰা ব্ৰহ্ম ধৰ্ম সমিতি আৰু কোকৰাঝাৰ জিলা ব্ৰহ্ম ধৰ্ম সমিতিৰ উদ্যোগত বুধবাৰে মাঘীপূৰ্ণিমাৰ দিনাই ব্ৰহ্ম ধৰ্মৰ ১২০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে বৃহৎ কাৰ্যসূচীৰ আয়োজন কৰা হয় ।
উক্ত অনুষ্ঠানত 'জাৰিমিনী সাক্ষী বন্যাগুৰি' শীৰ্ষক এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। স্মৃতিগ্ৰন্থখন উন্মোচন কৰে গোসাঁইগাওঁ বি এড কলেজৰ অধ্যক্ষ তথা সাহিত্য অকাডেমি বঁটা প্ৰাপক ড° অজিত বড়োই। স্মৃতিগ্ৰন্থ উন্মোচন কৰি ড° বড়োই ভাষণ প্ৰসংগত কয় যে, গুৰুদেৱ কালীচৰণ ব্ৰহ্মই ব্ৰহ্ম ধৰ্মত দীক্ষা লৈছিল ১৯০৫ চনত । ব্ৰহ্ম ধৰ্মত দীক্ষা লোৱাৰ পিছত এবছৰ অধ্যয়ন কৰি ১৯০৬ চনৰ পৰা বড়ো সমাজত ব্ৰহ্ম ধৰ্ম প্ৰচাৰ কৰি বড়ো সমাজৰ ভাষা, কৃষ্টি, সংস্কৃতিক ৰক্ষা কৰি আহিছে। সেই বাবেই কালীচৰণ ব্ৰহ্মৰ আদৰ্শক জীয়াই ৰখা আৰু প্ৰচাৰ কৰাটো আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য।
গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ প্ৰতিমূৰ্ত্তি অসম তথা ভাৰতৰ সকলো শিক্ষা অনুষ্ঠান আৰু ধৰ্মীয় অনুষ্ঠান সমূহত স্থাপন কৰিবলৈ বি টি আৰ চৰকাৰ আৰু অসম তথা ভাৰত চৰকাৰৰ প্ৰতি ড° বড়োই আহ্বান জনাইছে। পৰ্বতঝোৰা ব্ৰহ্ম ধৰ্ম সমিতিৰ সভাপতি বিশ্ব কুমাৰ ব্ৰহ্মই সভাপতিত্ব কৰা সভাত সাহিত্য অকাডেমি বঁটা প্ৰাপকদ্বয় ক্ৰমে জনিল কুমাৰ ব্ৰহ্ম আৰু ড° অজিত বড়ো, বড়ো সমাজৰ সভাপতি বেণুধৰ বসুমতাৰী, গৌৰীকান্ত ব্ৰহ্ম, নিৰঞ্জন ব্ৰহ্ম, তৰুণ মুছাহাৰী, যমুনা বড়ো, ড° দেৱজিৎ ব্ৰহ্ম আদি উপস্থিত থাকে।