বাছত অকলশৰীয়া অখিল গগৈ! বিজেপিৰ মন্ত্ৰী-বিধায়কৰ মাজত বহি পালেগৈ কোকৰাঝাৰ...

স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে দিছপুৰৰ বাহিৰত অনুষ্ঠিত হৈছে অসম বিধানসভাৰ বাজেট অধিৱেশন।  কোকৰাঝাৰত অনুষ্ঠিত হোৱা এই অধিৱেশনলৈ এদিনৰ পূৰ্বেই ৰাওনা

author-image
Asomiya Pratidin
New Update
অখিল গগৈ..

অখিল গগৈ..

ডিজিটেল ডেস্কঃ স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে দিছপুৰৰ বাহিৰত অনুষ্ঠিত হৈছে অসম বিধানসভাৰ বাজেট অধিৱেশন।  কোকৰাঝাৰত অনুষ্ঠিত হোৱা এই অধিৱেশনলৈ এদিনৰ পূৰ্বেই ৰাওনা হৈছিল ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু বিধানসভাৰ অধ্যক্ষ। ইফালে অধিৱেশনৰ দিনটোৰ পুৱাই কোকৰাঝাৰলৈ বুলি বাছেৰে ৰাওঁনা হৈছিল মন্ত্ৰী আৰু শাসক-বিৰোধীৰ বিধায়কসকল। 

প্ৰায় ৪-৫খন চাৰ্টাড বাছত সকলো মন্ত্ৰী-বিধায়কে একেলগে যাত্ৰা কৰিছিল কোকৰাঝাৰলৈ। এই যাত্ৰাত কংগ্ৰেছৰ বিধায়কসকলক প্ৰায় একেলগে এখন বাছত দেখা গল। ইয়াৰোপৰি এ আই ইউ ডি এফৰ বিধায়কসকলেও একেলগে যাত্ৰা কৰিলে কোকৰাঝাৰলৈ।

কিন্তু এই যাত্ৰা কালত একেবাৰে অকলশৰীয়া আছিল অখিল গগৈ। কিয়নো ৰাইজৰ দলৰ একমাত্ৰ বিধায়ক হৈছে অখিল গগৈ। কোকৰাঝাৰলৈ বুলি আৰম্ভ কৰা যাত্ৰাকালত অখিল গগৈ উঠিল বিজেপিৰ মন্ত্ৰী বিধায়কৰে ভৰি থকা এখন বাছত।

অখিল গগৈ
অখিল গগৈ Photograph: (অখিল গগৈ)

কোকৰাঝাৰৰ এই যাত্ৰাত অখিল গগৈৰ সংগী হল এগৰাকী বিজেপি বিধায়ক। বিজেপি বিধায়ক ড০ অমিয় ভূঞাৰ কাষৰ আসনখনতে বহিল অখিল গগৈ। খিৰিকিৰ কাষৰ চিটটোত অখিল গগৈ আৰু তাৰ কাষতে বহিল ড০ অমিয় ভূঞা।

বিজেপি বিধায়কৰ মাজত অখিল গগৈ
বিজেপি বিধায়কৰ মাজত অখিল গগৈ Photograph: (বিজেপি বিধায়কৰ মাজত অখিল গগৈ)

অখিল গগৈৰ আগৰ চিটটোত আছিল বিধায়ক হেমাংগ ঠাকুৰীয়া। তাৰ কাষৰ চিটটোত আছিল বিধায়ক তৰংগ গগৈ আৰু মন্ত্ৰী ৰূপেশ গোৱালা। বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু কমলাক্ষ দে পুৰকায়স্থও একেলগে বহিছিল অখিল গগৈৰ কাষতে।

অখিল গগৈ